বৰপেটাত কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰী তথা বৰপেটা লোকসভা সমষ্টিৰ প্ৰভাৰী কিৰেণ ৰিজিজু ৷ নিশা বৰপেটাত উপস্থিত হোৱা কিৰেণ ৰিজিজুৱে আজি ২০২৪ত বৰপেটা, নগাঁও আৰু কলিয়াবৰ সমষ্টি বিজেপিয়ে দখল কৰিব বুলি দাবী কৰে ৷ বৰপেটাৰ চেঙা আৰু গৰৈমাৰীত দলীয় সাংগঠনিক সভাত অংশ লোৱাৰ পিচতে আজি বৰপেটাত নাগৰিক সভাত অংশ লৈ ৰাইজৰ সৈতে মত বিনময় কিৰেণ ৰিজিজুৰ ৷
লোকসভা নিৰ্বাচনৰ বাবে পূৰ্ণ পৰ্যায়ত প্ৰস্তুতি চলাই আছে বিজেপিয়ে ৷
দলীয় কাম কাজৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহন কৰা আঁচনি সমুহৰ সুফল যাতে হিতাধিকাৰীয়ে লাভ কৰে সেই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে বিজেপিয়ে ৷ ২০২৪ৰ লোক সভা নিৰ্বাচনত বিৰোধীৰ দখলত থকা ৰাজ্যৰ তিনি সমষ্টিৰ প্ৰভাৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা কিৰেণ ৰিজিজুৱে ২৪ত বৰপেটা, নগাঁও আৰু কলিয়াবৰ সমষ্টি বিজেপিয়ে দখল কৰিব বুলিও দাবী কৰে ৷
বৰপেটা সাহিত্য সভা ভৱনত বিভিন্ন ক্ষেত্ৰৰ লোকৰ সৈতে মত বিনিময় কৰা কিৰেণ ৰিজিজুৱে বৰপেটা সংবাদমেল সম্বোধন কৰি দল আৰু চৰকাৰে নিজৰ কাম চলাই থকাৰ কথা প্ৰকাশ কৰে ৷ অৱশ্যে বৰপেটা লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী থাকিবনে সেই সম্পৰ্কে এতিয়াই কোনো কথা কব খোজা নাই ৰিজিজুৱে ৷ ৫০ বছৰত কংগ্ৰেছ চৰকাৰে কৰিব নোৱাৰা কাম বিজেপিয়ে কৰি দেখুৱাইছে ৷ অসমৰ প্ৰতি জিলাতে মেডিকেল, ইঞ্জিনীয়াৰিং কলেজ স্থাপন কৰিছে ৷ইয়াৰ পিচতো কিয় বিজেপি হাৰিব বুলি প্ৰশ্ন ৰিজিজুৰ ৷
কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰাক লৈয়ো মন্তব্য কিৰেণ ৰিজিজুৰ— কংগ্ৰেছে নিজৰ ঘৰখনকেই ঠিক কৰিব পৰা নাই ৷ ৰাহুল গান্ধীৰ কথাক গুৰুত্ব সহকাৰে নল'ব ৷ দলীয় লোকসকলেই ৰাহুল গান্ধীৰ কথাক গুৰুত্ব নিদিয়ে ৷ সংবাদ শিৰোনাম দখলৰ বাবেহে ৰাহুল গান্ধীয়ে নাটক কৰি থাকে ৷ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিয়ে শ্ৰেষ্ঠ ভাৰত গঢ়াৰ বাবে কাম কৰি আছে ৷ ২০২৪ত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিয়ে দুই তৃতীয়াংশ আসন দখল কৰিবৰ বাবে প্ৰস্তুতি চলাই আছে ৷ ইপিনে নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ত বিজেপিয়ে মিত্ৰ দলৰ সৈতে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু তিনিওখন ৰাজ্যত বিজেপি মিত্ৰজোটে চৰকাৰ গঠন কৰিব বুলিও দাবী ৷ ২০১৪ৰ পিচত দেশ বিৰোধী শক্তিৰ বিৰুদ্ধে দেশত কঠোৰ ব্যৱস্থা গ্ৰহনৰ কথা উল্লেখ কৰি তেওঁ কয় ভৱিষ্যতেও কঠোৰ ব্যৱস্থা গ্ৰহন কৰা হ'ব ৷ ইপিনে কমতাপুৰ আৰু পৰেশ বৰুৱা সম্পৰ্কত কোনো কথা প্ৰকাশ কৰা নাই কিৰেণ ৰিজিজুৱে ৷ বিজেপিয়ে দেশৰ কাৰণে আৰু ২৪ত দলে দুই তৃতীয়াংশ আসন দখল কৰিবৰ বাবে কাম কৰি আছে তেওঁ উল্লেখ কৰে ৷
Published by: Kokil Sarma
FIRST PUBLISHED : January 30, 2023, 22:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|