অৰ্কমণ্য বিষয়াক চাকৰিৰ পৰা কৰিব নিলম্বন, ৫০ বছৰৰ ওপৰৰ কৰ্মচাৰীকো দিব পাৰে বাধ্যতামূলক অৱসৰ!

News18 Assam | News18-Assam
Updated:August 14, 2020, 10:03 AM IST
অৰ্কমণ্য বিষয়াক চাকৰিৰ পৰা কৰিব নিলম্বন, ৫০ বছৰৰ ওপৰৰ কৰ্মচাৰীকো দিব পাৰে বাধ্যতামূলক অৱসৰ!
Source-Google

কোৰোণাৰ ভয়াৱহতাৰ মাজতে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰস্থিতি কেন্দ্ৰীয় চৰকাৰৰ

  • Share this:
সমগ্ৰ দেশত অব্যাহত আছে কোৰোণাৰ সংহাৰী ৰূপ। কোৰোণাৰ ভয়াৱহতাৰ মাজতে চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দুৰ্নীতিত জড়িত থকা বা  অৰ্কমণ্য চৰকাৰী বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰিব কেন্দ্ৰীয় চৰকাৰে। আনহাতে ৫০ বছৰৰ ওপৰৰ চৰকাৰী কৰ্মচাৰীক বাধ্যতামূলক অৱসৰ দিয়াৰ কথাও চিন্তা-চৰ্চা কৰিছে বুলি জানিব পৰা গৈছে।

বহু কেইটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, কোনো কৰ্মচাৰীৰ দুৰ্নীতি প্ৰমাণ হ’লে  তিনি মাহৰ সকলো সুবিধা কৰ্তন কৰি চাকৰিৰ পৰা কৰিব পাৰে বৰ্খাস্ত। ইতিমধ্যে এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আনহাতে বৰ্তমান ডিজিটেল ইণ্ডিয়াৰ যুগত বহু চৰকাৰী বিষয়া অত্যাধুনিক প্ৰযুক্তিত ব্যৱহাৰত অভ্যস্ত নহয়, ফলস্বৰূপে বহু চৰকাৰী আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰত প্ৰকৃত হিতাধিকাৰী বঞ্চিত হৈ আহিছে। আনহাতে দুৰ্নীতিত অভিযুক্ত বিষয়াই আত্মসাত্‍ কৰিছে চৰকাৰী আঁচনিৰ আবণ্টিত ধন। ইতিমধ্যে চৰকাৰে এই ক্ষেত্ৰত এখন তালিকা প্ৰস্তুত কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় চৰকাৰে দুৰ্নীতিত অভিযুক্ত একাংশ চৰকাৰী উচ্চ পদস্থ বিষয়াক চাকৰিৰ পৰা কৰিছিল নিলম্বিত। এতিয়া কোৰোণাৰ সংহাৰ চলি থকাৰ মাজতে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতি সঁচাকৈয়ে প্ৰশংসনীয়।
Published by: Himangshu Bhuyan
First published: August 14, 2020, 10:03 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি