মুখ্যপৃষ্ঠা »খবৰ »অসম »লতা মংগেশকাৰৰ মৃত্যুত দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা, ৰাষ্ট্ৰীয় মৰ্যদাৰে হ'ব শেষকৃত্য

লতা মংগেশকাৰৰ মৃত্যুত দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা, ৰাষ্ট্ৰীয় মৰ্যদাৰে হ'ব শেষকৃত্য

লতা মংগেশকাৰৰ মহাপ্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

লতা মংগেশকাৰৰ মহাপ্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

লতা মংগেশকাৰৰ মহাপ্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

  • Share this:
কিংবদন্তি সংগীত শিল্পী লতা মংগেশকাৰৰ মহাপ্ৰয়াণত দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰাৰ দিশে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ। চৰকাৰী সূত্ৰৰ উদ্ধৃতিৰে এই দাবী কৰিছে সংবাদসংস্থা ANI-এ। সুৰ সম্ৰাজ্ঞীক শ্ৰদ্ধা জনাই আগন্তুক দুটা দিন অৰ্ধনমিত হৈ থাকিব জাতীয় পতাকা। লগতে ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন হ'ব শেষকৃত্য।

প্ৰায় এমাহ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পিছত আজি পুৱা ৮.১২ বজাত মুম্বাইত দেহাৱসান ঘটে লতা মংগেশকাৰৰ। লতা মংগেশকাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

বিশিষ্ট কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদীয়ে শোক প্ৰকাশ কৰি কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘‘মই শব্দৰে প্ৰকাশ কৰিব পৰা নাই। দয়ালু আৰু চোৱাচিতা কৰা দিদিয়ে আমাক এৰি গুচি গ’ল। তেওঁ আমাৰ দেশত এক শূন্যতা এৰি গ’ল যিটো পূৰ্ণ কৰিব পৰা নাযাব। পৰৱৰ্তী প্ৰজন্মই তেওঁক ভাৰতীয় সংস্কৃতিৰ এগৰাকী মহান ব্যক্তি হিচাপে মনত ৰাখিব। যাৰ সুললিত কণ্ঠৰে মানুহক মন্ত্ৰমুগ্ধ কৰাৰ অদ্বিতীয় ক্ষমতা আছিল।’’

শেহতীয়া বাতৰি