১৫টা দিনে বানত ককবকাই থকা বন্যাৰ্তই মাত্ৰ এদিনৰ বাবেহে চৰকাৰী সাহায্য লাভ কৰাত বিধায়ক জিতু গোস্বামী আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে বানাক্ৰান্ত ৰাইজে ৷
১৫টা দিনে বানত ককবকাই থকা বন্যাৰ্তই মাত্ৰ এদিনৰ বাবেহে চৰকাৰী সাহায্য লাভ কৰাত বিধায়ক জিতু গোস্বামী আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে বানাক্ৰান্ত ৰাইজে ৷
শনিবাৰে কামপুৰত উপস্থিত হয়হি দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগৰ কেন্দ্ৰীয় প্ৰতিনিধিৰ দল ৷ কামপুৰৰ বানাক্ৰান্ত অঞ্চল পৰ্যবেক্ষণ আৰু বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কামপুৰত উপস্থিত হয়হি কেন্দ্ৰীয় প্ৰতিনিধি দলটো। কামপুৰ বান পৰিস্থিতি ওপৰে ওপৰে পৰ্যবেক্ষণ কৰে কেন্দ্ৰীয় প্ৰতিনিধিৰ দলটোৱে।
ইপিনে ক্ষোভিত একাংশ বন্যাৰ্তই (Flood affected people )ৰাজপথত আবদ্ধ কৰে দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগৰ কেন্দ্ৰীয় প্ৰতিনিধি দলটোক ৷ বানত অধিক ক্ষতিগ্ৰস্ত অঞ্চল পৰ্যবেক্ষণ নকৰাৰ গুৰুতৰ অভিযোগ বন্যাৰ্তৰ।লগতে বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধেও ক্ষোভ উজাৰে বানাক্ৰান্ত ৰাইজে।
বন্যাৰ্তই মাত্ৰ এদিনৰ বাবেহে লাভ কৰিলে চৰকাৰী সাহায্য। উল্লেখযোগ্য যে শনিবাৰে বান বিধ্বস্ত কামপুৰত উপস্থিত হয় দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগৰ (Disaster Management Authority) কেন্দ্ৰীয় প্ৰতিনিধিৰ দল৷ উদ্দেশ্য ভয়াৱহ বানত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহলৈ গৈ ক্ষয়-ক্ষতিৰ বুজ লোৱা৷ কিন্তু কামপুৰৰ দুই এটা অঞ্চল পৰিভ্ৰমণ কৰি উভতি যায় দলটো৷
দলটোৰ নেতৃত্বত আছিল কামপুৰ ৰাজহ চক্ৰ বিষয়াগৰাকী ৷ বানত অধিক ক্ষতিগ্ৰস্ত অঞ্চল পৰ্যবেক্ষণ নকৰাৰ গুৰুতৰ অভিযোগ তুলি ক্ষোভিত একাংশ বন্যাৰ্তই ৰাজপথত আবদ্ধ কৰি নিজৰ ক্ষতিগ্ৰস্ত কৃষি পথাৰকে ধৰি বিভিন্ন সমস্যা অৱগত কৰে। আনহাতে বিগত ১৫টা দিনে বানত ককবকাই থকা বন্যাৰ্তই মাত্ৰ এদিনৰ বাবেহে চৰকাৰী সাহায্য লাভ কৰাত বিধায়ক জিতু গোস্বামী আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে বানাক্ৰান্ত ৰাইজে ৷
উল্লেখ্য যে ভয়াবহ বানে তচনচ কৰা কামপুৰৰ (Kampur) বানাক্ৰান্তৰ সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিবলৈ দাবী উত্থাপন কৰিছে কামপুৰবাসীয়ে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|