মুখ্যপৃষ্ঠা »খবৰ »অসম »Charaideo : শতবৰ্ষ অতিক্ৰম কৰা দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাইলৈৰ পৰা শতবৰ্ষ সামৰণী অনুষ্ঠান 

Charaideo : শতবৰ্ষ অতিক্ৰম কৰা দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাইলৈৰ পৰা শতবৰ্ষ সামৰণী অনুষ্ঠান 

 ১৯৯০ আৰু ৯১ বৰ্ষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে আগবঢ়োৱা পুঁজিৰে  গ্ৰন্থাগাৰ আধুনিকীকৰণ

  • Share this:
শতবৰ্ষ অতিক্ৰম কৰা চৰাইদেউ জিলাৰ দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাইলৈৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব শতবৰ্ষৰ সামৰণী অনুষ্ঠান৷ এই উপলক্ষে বিদ্যালয়খনৰ বৰ্তমানৰ ছাত্ৰ–ছাত্ৰী, শিক্ষক–শিক্ষয়িত্ৰী তথা প্ৰাক্তন ছাত্ৰ–ছাত্ৰীসকল ব্যস্ত হৈছে পৰিছে৷

বিদ্যালয়খনৰ শতবৰ্ষৰ সামৰণী অনুষ্ঠান উদযাপন সমিতিৰ সভাপতি তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি বিদ্যালয়খনত এটা গ্ৰন্থাগাৰ শুভ উদ্বোধন কৰে। অহা ৪, ৫ আৰু ৬ নৱেম্বৰত অনুষ্ঠিত হ'ব লগা দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণী অনুষ্ঠানৰ প্ৰাকক্ষণত ১৯৯০ আৰু ৯১ বৰ্ষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে আগবঢ়োৱা পুঁজিৰে আধুনিকীকৰণ কৰা গ্ৰন্থাগাৰটো আজি উন্মোচন কৰা হয়।

ইফালে কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া সামৰণী অনুষ্ঠান সন্দৰ্ভত এখন সংবাদ মেলো আজি সম্বোধন কৰে উদযাপন সমিতিৰ সভাপতি তথা বিধায়কগৰাকীয়ে।

শেহতীয়া বাতৰি