உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Kaziranga National Park : কাজিৰঙাত বিলুপ্তপ্ৰায় দল হৰিণৰ গণনা আৰম্ভ, ছয়োটা সংযোজনতে আৰম্ভ গণনা

    Kaziranga National Park : কাজিৰঙাত বিলুপ্তপ্ৰায় দল হৰিণৰ গণনা আৰম্ভ, ছয়োটা সংযোজনতে আৰম্ভ গণনা

    Kaziranga National Park : ২০১৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১১৪৮টা আৰু ২০১৮ চনত ৮৫১টা দল হৰিণ পোৱা গৈছিল ৷ ২০২০ চনত ক'ভিডৰ বাবে গণনা অনুস্থিত নহ'ল ৷

    Kaziranga National Park : ২০১৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১১৪৮টা আৰু ২০১৮ চনত ৮৫১টা দল হৰিণ পোৱা গৈছিল ৷ ২০২০ চনত ক'ভিডৰ বাবে গণনা অনুস্থিত নহ'ল ৷

    Kaziranga National Park : ২০১৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১১৪৮টা আৰু ২০১৮ চনত ৮৫১টা দল হৰিণ পোৱা গৈছিল ৷ ২০২০ চনত ক'ভিডৰ বাবে গণনা অনুস্থিত নহ'ল ৷

    • Share this:
    বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ত আজিৰ পৰা অনুষ্ঠিত হৈছে বিৰল প্ৰজাতি দল হৰিণ (Swamp Deer Census)ৰ গণনা ৷ দল হৰিণ ভাৰতত পোৱা বাৰাশিঙা নামৰ হৰিণৰ উপ প্ৰজাতি৷ ব্ৰহ্মপুত্ৰ উপত্যকাত পোৱা বাৰাশিঙা হৰিণৰ উপ প্ৰজাতিক পুৰ্বাঞ্চলীয় দল হৰিণ বা ইংৰাজীত Eastern Swamp Deer বুলি কোৱা হয় ৷ পৃথিৱীৰ ভিতৰত অকল ব্ৰহ্মপুত্ৰ উপত্যকাতহে পুৰ্বাঞ্চলীয় দল হৰিণ দেখিবলৈ পোৱা যায় ৷

    বিলুপ্ত প্ৰায় এই দল হৰিণ এটা সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছিল যদিও সম্প্ৰতি কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানতহে এই হৰিণৰ অৱশিষ্ট বাছি আছেগৈ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দল হৰিণ বসতিৰ দুটা বন সংমণ্ডল ক্ৰমে পূব অসম বন্যপ্ৰাণী সংমণ্ডল আৰু বিশ্বনাথ বন সংমণ্ডলত পূৰ্বাঞ্চলীয় দল হৰিণৰ গণনা কৰা হ’ব ৷

    ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ২৪গৰাকী গননাকাৰীয়ে পূব অসম বন্যপ্ৰাণী সংমণ্ডলত আৰু ৭ গৰাকী গণনাকাৰীয়ে বিশ্বনাথ বন সংমণ্ডলত দল হৰিণৰ গণনা কৰিছে ৷ গণনাকাৰীৰ ভিতৰত বন্যপ্ৰাণী বিশেষজ্ঞ, বেচৰকাৰী সংগঠনৰ প্ৰতিনিধি আৰু বন বিষয়া থাকিব ৷ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ ৫টা বনাঞ্চলৰ ৪টা বনাঞ্চলত ২৪ গণনাকাৰীয়ে বিভাগীয় হাতীত উঠি গণনাকাৰীয়ে দল হৰিণৰ গণনা কৰিছে ৷ ইয়াৰ বাবে ৰাষ্ট্ৰীয় উদ্যান খনত আজি পৰ্যটকৰ বাবে হাতী চাফাৰী বন্ধ আছে ৷

    পুৱা ৮ বজাৰ পৰা বনাঞ্চলত হাতীত উঠি দল হৰিণৰ গণনা আৰম্ভ হৈছে ৷ কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰৰ নেতৃত্বত এটা উচ্চস্তৰীয় দলে এই গণনা কাৰ্য পৰ্যবেক্ষণ কৰিব ৷

    উল্লেখ্য যে ২০০৭ চনৰ পৰা কাজিৰঙাত আৰম্ভ কৰা দল হৰিণ গণনাত ২০১৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১১৪৮টা আৰু ২০১৮ চনত ৮৫১টা দল হৰিণ পোৱা গৈছিল ৷ একেদৰে বিশ্বনাথ বনসংমণ্ডলত প্ৰথম বাৰৰ বাবে কৰা গণনাত ২০১৮ চনত ৫৬টা দল হৰিণ পোৱা গৈছিল ৷ প্ৰতি দুবছৰৰ মূৰে মূৰে দল হৰিণৰ গণনা হয় যদিও ২০২০ চনত ক'ভিডৰ বাবে গণনা অনুস্থিত নহ'ল ৷
    Published by:Manjumoni Borah
    First published: