মুখ্যপৃষ্ঠা »খবৰ »অসম »NRCত নাম অন্তৰ্ভুক্ত নোহোৱা সকলে কি কৰিব?

NRCত নাম অন্তৰ্ভুক্ত নোহোৱা সকলে কি কৰিব?

 কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ললে বিশেষ ব্যৱস্থা

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ললে বিশেষ ব্যৱস্থা

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ললে বিশেষ ব্যৱস্থা

  • Share this:
    NRCত অন্তৰ্ভুক্ত নোহোৱা সকলৰ ওপৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে লৈছে বিশেষ ব্যৱস্থা। বিদেশী ন্যায়ধিকৰণৰ আবেদনৰ কাৰণে লোৱা হৈছে এই বিশেষ ব্যৱস্থা। এক ৰাজপত্ৰিত জাননীৰ যোগেদি বিদেশী (ন্যায়ধিকৰণ) নিৰ্দেশ, ১৯৬৪ত সংশোধন কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে । এতিয়াৰ পৰা  নতুন সংশোধন সমূহক বিদেশী (ন্যায়ধিকৰণ)সংশোধন নিৰ্দেশ, ২০১৯ হিচাপে জনা যাব ।

    সংশোধন সমূহ এনে ধৰণৰ

    নতুন নিয়ম অনুসৰি আবেদনকাৰীয়ে NRC কৰ্তৃপক্ষৰ পৰা rejection order ৰ certified copy লৈ কাষ চাপিব লাগিব বিদেশী ন্যায়ধিকৰণৰ । অৱশ্যে ন্যায়ধিকৰণৰ কাষ চাপিবলৈ উপযুক্ত কাৰণ থাকিব লাগিব ।

    আবেদনকাৰীয়ে স্বয়ং নতুবা আইনী প্ৰতিনিধি নতুবা অন্য পৰিচিত ব্যক্তিৰ যোগেদি
    অনুমতি সাপেক্ষে ন্যায়ধিকৰণৰ কাষ চাপিব পাৰিব ।

    জিলা উপায়ুক্তক ৰাজ্য চৰকাৰে প্ৰয়োজন সাপেক্ষে এজন অধিবক্তা নিযুক্তি দিব পাৰে।

    গোচৰ ৰুজু হোৱাৰ পাছত ন্যায়ধিকৰণে জিলা উপায়ুক্তক NRCৰ নথি বিচাৰি জাননী
    প্ৰেৰণ কৰিব লাগিব । উপায়ুক্তই জাননী প্ৰাপ্তিৰ ৩০ দিনৰ ভিতৰতে সেই নথি প্ৰদান
    কৰিব লাগিব ।

    বিদেশী ন্যায়ধিকৰণ বা আন Competent Authority য়ে বিদেশী বুলি চিহ্নিত কৰা
    ব্যক্তিয়ে NRC ত নাম নোহোৱাৰ অজুহাত ন্যায়ধিকৰণৰ কাষ চাপিব নোৱাৰিব ।
    ন্যায়ধিকৰণে গোচৰ ৰুজু হোৱাৰ ১২০ দিনৰ ভিতৰত দিব লাগিব চূড়ান্ত ৰায়দান ।

    শেহতীয়া বাতৰি