ভাগ্যই লগ দিলে অসম্ভৱ কথাও সম্ভৱ হৈ পৰে। নগাঁও জিলাৰ ৰহাৰ এগৰাকী ব্যক্তিৰ ভাগ্য সুপ্ৰসন্ন হোৱাৰ বাবেই ৪৪০ টকাৰ চিমেন্টৰ বস্তা ক্ৰয় কৰি লাভ কৰিলে এক লাখ টকা।
ৰহা সমষ্টিৰ অন্তৰ্গত আমতলা পঞ্চায়তৰ চৰাইজুৰীয়াৰ ছাদ্দাম হুছেইন নামৰ ব্যক্তিজনে ৰহাৰ পুৰণা চাৰিআলিৰ লক্ষ্মী হাৰ্ডৱেৰৰ পৰা শনিবাৰে ব্লেক টাইগাৰ নামৰ চিমেন্টৰ এটা বস্তা ক্ৰয় কৰিছিল। পিছত বস্তাটো ফালোঁতে তাৰ ভিতৰত ছাদ্দামে এক লাখ টকাৰ এটি কুপন লাভ কৰে।
উল্লেখযোগ্য যে ব্লেক টাইগাৰ চিমেন্ট কোম্পানীয়ে চিমেন্টৰ বস্তাৰ ভিতৰত গ্ৰাহকৰ বাবে কুপন প্ৰদান কৰিছে। তেনে এখন কুপনৰ জৰিয়তে শনিবাৰে ছাদ্দামে ৪৪০ টকা খৰচ কৰি লাভ কৰিলে এক লাখ টকাৰ পুৰস্কাৰ। ইয়াকেই কয় ভাগ্য সুপ্ৰসন্ন হোৱা বুলি।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|