বিধায়ক অখিল গগৈৰ গৃহ গাঁও লুসুৰাখনত দেখিবলৈ পোৱা গ’ল আনন্দৰ বন্যা।
বিধায়ক অখিল গগৈৰ গৃহ গাঁও লুসুৰাখনত দেখিবলৈ পোৱা গ’ল আনন্দৰ বন্যা।
কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ নিয়াৰ গোচৰত অভিযোগমুক্ত হৈ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ অহাৰ বাতৰি বিয়পি পৰাৰ লগে লগে অখিল গগৈৰ গৃহভূমি মৰিয়নীৰ চেলেংহাট লুসুৰাখনবাসী উৎফুল্লিত হৈ পৰে। বিধায়ক অখিল গগৈৰ গৃহ গাঁও লুসুৰাখনত দেখিবলৈ পোৱা গ’ল আনন্দৰ বন্যা।
নিজৰ জেষ্ঠ কন্যাই অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ কথা মাতৃ প্ৰিয়দা গগৈক অৱগত কৰাৰ পিছতে এক আবেগিক পৰিৱেশৰ সৃষ্টি হয় বিধায়ক অখিল গগৈৰ লুসুৰাখনস্থিত বাসগৃহত। ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই অখিল মাতৃ প্ৰিয়দা গগৈয়ে কয় যে "সত্যৰ সদায় জয়। আজি সততাৰ জয় হৈছে। মোৰ বিশ্বাস আছিল তাৰ ওপৰত। চৰকাৰে মিছা গোচৰ জাপি দি তাক জ’লত ৰাখিছিল। আজি সি জে’লৰ পৰা ওলোৱা কাৰণে মই আনন্দ পাইছো। মই তাক দেশ আৰু জাতিৰ কাৰণে সদায় কাম কৰিবলৈ ক'ম। সি সোণৰ অসম গঢ়ক তাকে কামনা কৰিছো।"
অখিলৰ মুক্তিৰ বাবে মাহৰ পিছত মাহ অপেক্ষা কৰি কেতিয়াবা মাতৃগৰাকী ন্যায়ালয়ৰ ওপৰত কিঞ্চিত হ’লেও আস্থাহীন হৈ পৰিছিল যদিও আজিৰ ৰায়দানৰ পিছত নিজৰ সন্তুষ্টি প্ৰকাশ কৰি কয় যে "অখিলৰ মুক্তিৰ বাবে নিতৌ পুৱা–গধুলি ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছিলো। এতিয়া ঘৰৰ ল’ৰা ঘৰলৈ আহি শিৱসাগৰ সমষ্টিৰ লগতে ৰাজ্যখনৰ বাবে কাম কৰিব লাগিব অখিলে।" ইফালে অখিল গগৈৰ বৰ্ষীয়ান মাতৃ প্ৰিয়দা গগৈয়ে পুত্ৰৰ মুক্তিৰ আনন্দত গাঁওবাসীৰ সৈতে কেক কাটি আনন্দ প্ৰকাশ কৰে। ইফালে অখিল গগৈ মুকলি হোৱাৰ পিছত মৰিয়নীৰ চেলেং লুসুৰাখন গাঁওবাসী উৎফুল্লিত হৈ আতচবাজী ফুটাই অখিল গগৈ জিন্দাবাদ, জয় আই অসম ধ্বনিৰে চেলেংহাটৰ আকাশ বতাহ কঁপাই তোলে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|