সমগ্র দেশ তথা ৰাজ্যৰ লগতে মাজুলী জিলাতো আজি সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদ্যাপন কৰা হয়। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত কমলাবাৰীস্থিত জিলা সাংস্কৃতিক প্ৰেক্ষাগৃহত সম্পূৰ্ণ কোভিড প্ৰট'কল মানি অনুষ্টুপীয়াকৈ আয়োজন কৰা এই যোগ দিৱসৰ কাৰ্যসূচীৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মাজুলী জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে।
নিজ বক্তব্যত উপায়ুক্তগৰাকীয়ে যোগ দিৱসৰ তাৎপৰ্য সম্পৰ্কে চমু আভাস দিয়াৰ লগতে সুস্থ শৰীৰ, মন আৰু আত্মাৰ বাবে যোগাসনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। অংশগ্ৰহণকাৰীসকলক তেওঁ যোগক এক দৈনন্দিন অভ্যাসত পৰিণত কৰি ইয়াৰ সুফল গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সাম্প্ৰতিক কোভিড-১৯ৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ জিলাবাসীক নিজ নিজ গৃহতে যোগাভ্যাস কৰি একো একোটি সুস্থ শৰীৰ আৰু মনৰ অধিকাৰী হ'বলৈ আহ্বান জনায়। উল্লেখযোগ্য যে এই বছৰৰ যোগ দিৱসৰ মূল আলোচ্য বিষয় হ'ল- "সুস্বাস্থ্যৰ বাবে যোগ" (Yoga for Wellness)।
আজিৰ যোগ দিৱসৰ কাৰ্যসূচীত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰনাৰায়ণ নাথ, অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস, কাৰ্তিক কলিতা আৰু অৰিন্দম বৰুৱা, সহকাৰী আয়ুক্ত ডঃ ৰাকেশ ছেত্ৰী, বিভাস পাঠক আৰু গৌৰাঙ্গ দত্ত, চক্ৰ বিষয়া জয়দীপ ৰজক আৰু ৰিয়া মেচ প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী আৰু ভালেকেইগৰাকী যোগ প্ৰশিক্ষকে অংশগ্ৰহণ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|