কি হ’ল মহানগৰীত সংস্থাপন কৰা CCTV কেমেৰাসমূহ?

মহানগৰীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ গুৰুত্বপূৰ্ণ স্থানসমূহত সংস্থাপন কৰিছিল CCTV কেমেৰা। স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত ৪০০০ হাজাৰ CCTV কেমেৰা সংস্থাপনত অনুমোদন জনাইছিল ৰাজ্য চৰকাৰে।

Sanjay Kumar Das | news18assam
Updated:May 16, 2019, 12:05 PM IST
কি হ’ল মহানগৰীত সংস্থাপন কৰা CCTV কেমেৰাসমূহ?
মহানগৰীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ গুৰুত্বপূৰ্ণ স্থানসমূহত সংস্থাপন কৰিছিল CCTV কেমেৰা। স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত ৪০০০ হাজাৰ CCTV কেমেৰা সংস্থাপনত অনুমোদন জনাইছিল ৰাজ্য চৰকাৰে।
Sanjay Kumar Das | news18assam
Updated: May 16, 2019, 12:05 PM IST
মহানগৰীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ গুৰুত্বপূৰ্ণ স্থানসমূহত সংস্থাপন কৰিছিল CCTV কেমেৰা। স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত ৪০০০ হাজাৰ CCTV কেমেৰা সংস্থাপনত অনুমোদন জনাইছিল ৰাজ্য চৰকাৰে। কোটি টকা খৰচ কৰি ঠায়ে ঠায়ে CCTV কেমেৰা স্থাপন কৰিছিল ঠিকেই, কিন্তু সেয়া যেন চৰকাৰী ধনৰ শ্ৰাদ্ধৰ বাহিৰে আন একো নহ’ল। মহানগৰীৰ বিভিন্ন স্থানত CCTV কেমেৰাসমূহ ওলমি আছে যদিও কেমেৰাসমূহ যে সক্ৰিয় হৈ আছে সেয়া সন্দেহৰ আৱৰ্তত। যাৰ ফলত যি উদ্দেশ্যৰে কেমেৰাসমূহ স্থাপন কৰা হৈছিল তাৰ ফলাফল শূন্য।

বুধবাৰে মহানগৰীৰ জু–ৰোডত সংঘটিত হোৱা বিস্ফোৰণৰ ঘটনাই পুনৰ প্ৰাসংগিক কৰি তুলিছে CCTV কেমেৰাৰ প্ৰসংগ। বিস্ফোৰণৰ কোনো ক্লু নাপাই এতিয়া হাহাকাৰ লাগিছে আৰক্ষীৰ। কোনো ধৰণৰ প্ৰমাণ নাই আৰক্ষীৰ হাতত। গুৰুত্বপূৰ্ণ ঠাইখিনিত নাই CCTV কেমেৰা। ওচৰতে থকা বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানৰ CCTV কেমেৰায়ো ঢুকি নাপায় বিস্ফোৰণ সংঘটিত হোৱা স্থান। যাৰ ফলত মহানগৰীৰ মাজমজিয়াত সংঘটিত এই বিস্ফোৰণৰ ঘটনাৰ তথ্য বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে আৰক্ষী।

যদিহে উক্ত ঠাইত CCTVৰ ব্যৱস্থা থাকিলহেঁতেন, নিশ্চিতভাৱে তাৰ ফুটেজৰ সহায়ত ঘটনাৰ তদন্তৰ ক্ষেত্ৰত বহুখিনি আগবাঢ়িব পাৰিলেহেঁতেন আৰক্ষী বিভাগ। আনহাতে, বিয়াগোম ব্যৱসায়িক প্ৰতিষ্ঠানসমূহেও অন্ততঃ প্ৰতিষ্ঠানৰ সন্মুখভাগত CCTV কেমেৰা সংস্থাপন কৰাটো প্ৰয়োজন। CCTV কেমেৰা নথকা বাবেই মহানগৰীৰ মাজমজিয়াত গ্ৰেনেড দলিয়াই নিৰ্বিঘ্নে আঁতৰি যাবলৈ সক্ষম হ’ল দুৰ্বৃত্ত।
আৰু চাওক পৰৱৰ্তী বাতৰি