CBSEৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা, ৮৩.৪% উত্তীৰ্ণ

ফলাফলত বাজিমাৎ ছাত্ৰীৰ, ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৯.৪% আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮৮.৭০%

news18assam
Updated:May 2, 2019, 2:00 PM IST
CBSEৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা, ৮৩.৪% উত্তীৰ্ণ
ফলাফলত বাজিমাৎ ছাত্ৰীৰ, ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৯.৪% আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮৮.৭০%
news18assam
Updated: May 2, 2019, 2:00 PM IST
CBSEৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা। ফলাফল উপলব্ধ হৈছে। ফলাফল উপলব্ধ হৈছে দুটাকৈ অফিচিয়েল ৱেবছাইট cbse.nic.in আৰু cbseresults.nic.in ত। এইবাৰ সমগ্ৰ দেশত সৰ্বমুঠ ৮৩.৪% ছাত্ৰ–ছাত্ৰী উত্তীৰ্ণ হৈছে। মুঠ ৯৮.২% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আছে তিৰুৱনন্তপুৰম।  আনহাতে ৯২.৯৩% শতাংশ উত্তীৰ্ণৰ হাৰেৰে চেন্নাইৰ স্থান দ্বিতীয়। ইণ্টাৰনেচনেল স্কুলৰ পৰা উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা ৯৫.৪৩% ।

হংসিকা শুক্লা আৰু কৰিশ্মা অৰোৰাই মুঠ ৫০০ নম্বৰৰ ৪৯৯ নম্বৰ লাভ কৰি যুটীয়াভাৱে প্ৰথম স্থান দখল কৰিছে। হংসিকা ডিপিএছ মেৰঠ ৰ’ড আৰু কৰিশ্মা মুজ্জফৰ নগৰৰ ছাত্ৰী। প্ৰথম স্থান দখল কৰা দুয়োগৰাকী ছাত্ৰী উত্তৰ প্ৰদেশৰ।

বিগত বৰ্ষৰ দৰে এইবাৰো পৰীক্ষাৎ ছাত্ৰীয়ে ছাত্ৰৰ তুলনাত বাজীমাৎ কৰিছে। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৯.৪% আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮৮.৭০%। মুঠ ১২ লাখ ছাত্ৰ–ছাত্ৰী এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

কেন্দ্ৰীয়  বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰঃ৯৮.৫৪%

তিবেটান বিদ্যালয়ৰৰ উত্তীৰ্ণৰ হাৰঃ ৯৬%

চৰকাৰী পূঁজিৰে পৰিচালিত বিদ্যালয়ত উত্তীৰ্ণৰ হাৰঃ৮৮.৪৯%

ব্যক্তিগত বিদ্যালয়ৰ প্ৰদৰ্শন আটাইতকৈ শোচনীয়ঃ৮২.৫৯%

আৰু চাওক পৰৱৰ্তী বাতৰি