CBSEৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা, কেনেকৈ চাব ৰিজাল্ট?

পৰীক্ষাৰ্থীসকলে অফিচিয়েল ৱেবছাইট cbseresults.nic.in আৰু cbse.nic.in ৰ জৰিয়তে ফলাফল চাব পাৰিব

news18assam
Updated:May 6, 2019, 3:52 PM IST
CBSEৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা, কেনেকৈ চাব ৰিজাল্ট?
পৰীক্ষাৰ্থীসকলে অফিচিয়েল ৱেবছাইট cbseresults.nic.in আৰু cbse.nic.in ৰ জৰিয়তে ফলাফল চাব পাৰিব
news18assam
Updated: May 6, 2019, 3:52 PM IST
CBSE 10th Result 2019: CBSEৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা। আজি দুপৰীয়া ৩ বজাৰ পূৰ্বে ২.২৫ বজাত ফলাফল ঘোষণা। পৰীক্ষাৰ্থীসকলে অফিচিয়েল ৱেবছাইট cbseresults.nic.in আৰু cbse.nic.in ৰ জৰিয়তে ফলাফল চাব পাৰিব। ইয়াৰ পূৰ্বে CBSEৰ ফলাফল মে’ মাহৰ তৃতীয়টো সপ্তাহত দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাৰ সম্ভাৱনা আছিল। কিন্তু CBSE–এ হঠাৎ ঘোষণা কৰিলে দ্বাদশ শ্ৰেণীৰ ফলাফল। CBSEৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হ’ল ২ মে’ অৰ্থাৎ বৃহস্পতিবাৰে।

CBSE বোৰ্ড দশম শ্ৰেণীৰ ফলাফল ঘোষণাৰ বাবে আজি সংবাদমেলৰ আয়োজন নকৰে। CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষা ২১ ফেব্ৰুৱাৰীৰ পৰা ২৯ মাৰ্চৰ ভিতৰত দেশৰ ৬,০০০টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল। এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল ১৮,২৭,৪৭২ গৰাকী শিক্ষাৰ্থী।

৯৯.৮৫ শতাংশ লাভ কৰি ত্ৰিবন্দৰম প্ৰথম স্থানত। ৯৯ শতাংশৰ সৈতে দ্বিতীয় স্থান প্ৰাপক হ’ল চেন্নাই আৰু আজমেৰ ৯৫.৮৯ শতাংশৰ সৈতে দ্বিতীয় স্থানত।

CBSEৰ দশম শ্ৰেণীৰ প্রথম স্থানত আছে ১৩ গৰাকী পৰীক্ষাৰ্থী। দ্বিতীয় স্থান প্ৰাপক ২৫ আৰু তৃতীয় স্থান প্ৰাপক ৫৯ গৰাকী পৰীক্ষাৰ্থী
আৰু চাওক পৰৱৰ্তী বাতৰি