ঘোষিত CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাত ফলাফলত উজ্জ্বলিল গুৱাহাটীৰ মৃণাভ মজুমদাৰ। গুৱাহাটী মহানগৰীৰ নাৰেংগীস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ মৃণাভে ৯৮.৬ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, মৃণাভ আছিল শিশু শিক্ষা সমিতি, অসমৰ অধীনস্থ শংকৰদেৱ বিদ্যা নিকেতন, ধিঙৰ প্ৰাক্তন ছাত্ৰ।
আজি ঘোষিত ফলাফলত মৃণাভে সংস্কৃত আৰু গণিতত ১০০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। মৃণাভৰ এই সফলতাত এতিয়া সুখী শিশু শিক্ষা সমিতি অসম। মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰঞ্জিত মজুমদাৰ আৰু পিনা মজুমদাৰৰ জ্যেষ্ঠ পুত্ৰ মৃণাভে লাভ কৰা ঈষৰ্ণীয় সফলতাৰ বাবে অভিনন্দন জনাইছে শিশু শিক্ষা সমিতি, অসমে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|