ৰহস্যৰ আৱৰ্তত ‘কৃষ্ণ’ৰ মৃত্যু! Cardiac Arrest নে অন্য কিবা?

News18-Assam
Updated:November 17, 2019, 8:35 PM IST
ৰহস্যৰ আৱৰ্তত ‘কৃষ্ণ’ৰ মৃত্যু! Cardiac Arrest নে অন্য কিবা?
বৰ্তমানো ৰহস্যৰ আৱৰ্তত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হোৱা কৃষ্ণ নামৰ হাতীটোৰ । এই কথা জানিবলৈ দিছে APCCF এম কে যাদৱে।

বৰ্তমানো ৰহস্যৰ আৱৰ্তত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হোৱা কৃষ্ণ নামৰ হাতীটোৰ । এই কথা জানিবলৈ দিছে APCCF এম কে যাদৱে।

  • Share this:
বৰ্তমানো ৰহস্যৰ আৱৰ্তত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হোৱা কৃষ্ণ নামৰ হাতীটোৰ । এই কথা জানিবলৈ দিছে APCCF এম কে যাদৱে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত সংবাদ মাধ্যমক দিয়া নাই প্ৰৱেশ কৰিবলৈ। কৃষ্ণৰ নামৰ হাতীটোৰ মৃত্যুৰ কাৰণ Cardiac arrest বুলি প্ৰাথমিক পৰ্য্যায়ত সন্দেহ কৰা হৈছে যদিও সম্পূৰ্ণ পৰীক্ষাৰ পিছতহে হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা যাব বুলি প্ৰকাশ কৰে বন বিষয়াই । চাৰি গৰাকী চিকিৎসক পোষ্ট মৰটেম কৰিছে মৃত হাতীটোক।

উল্লেখযোগ্য যে, দীৰ্ঘদিন গোৱালপাৰাৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস চলোৱাৰ পিছত বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত দুধনৈত ট্ৰেংকুলাইজ কৰা হৈছিল হাতীটোক। পিছত প্ৰশিক্ষণৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ কৰা হৈছিল কৃষ্ণক।
আৰু চাওক
পৰৱৰ্তী বাতৰি