চোৰাং বেহাৰ পিছত অসম–বাংলাদেশ সীমান্তত এইটো কাৰণত জাকে জাকে মৰিছে গৰু!

News18 Assam | News18-Assam
Updated:August 1, 2020, 1:00 PM IST
চোৰাং বেহাৰ পিছত অসম–বাংলাদেশ সীমান্তত এইটো কাৰণত জাকে জাকে মৰিছে গৰু!
যি সময়ত শাসকীয় চৰকাৰে  গো মাতাৰ সুৰক্ষাৰ ক্ষেত্ৰত তৎপৰতা দেখুৱাই আছে ঠিক সেই সময়তে  চাপৰৰ ৰঙামাটিৰ গো-শালাত গৰু মহৰ অস্বাভাৱিক মৃত্যুৰ প্ৰকৃত কাৰন উৎঘাটনৰ বাবে তদন্ত হব নে ?

যি সময়ত শাসকীয় চৰকাৰে  গো মাতাৰ সুৰক্ষাৰ ক্ষেত্ৰত তৎপৰতা দেখুৱাই আছে ঠিক সেই সময়তে  চাপৰৰ ৰঙামাটিৰ গো-শালাত গৰু মহৰ অস্বাভাৱিক মৃত্যুৰ প্ৰকৃত কাৰন উৎঘাটনৰ বাবে তদন্ত হব নে ?

  • Share this:
দীৰ্ঘ দিনৰ পৰা পশ্চিম অসমৰ ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তই দি গৰু অবৈধ  চোৰাং ব্যৱসায় অব্যাহত আছে। বানপানীৰ সময়ত উক্ত চোৰাং ব্যৱসায় বৃদ্ধি পোৱাৰ লগতে ঈদৰ সময়ত বাংলাদেশত গৰুৰ চাহিদা অত্যাধিক হাৰে বৃদ্ধি পোৱাত এই চোৰাং বেহা বৃদ্ধি পায়। সীমান্তত কৰ্ত্যবত থকা সীমান্ত সুৰক্ষা বাহিনীয়ে বিগত দটা মাহত প্ৰায় দুই হেজাৰৰ অধিক অবৈধ চোৰাং চালানৰ উদ্দেশ্যে অনা গৰু আটক কৰিবলৈ সক্ষম হৈছে। BSFৰ  হাতত জব্দ হোৱা  গৰু আৰু ম'হ বোৰক এটা বেচৰকাৰী এনজিওক গতাই দিয়া হয়। 



উক্ত এনজিওৰ গোশালাত থকা গৰু আৰু ম'হৰ বিগত দুটা সপ্তাহত অস্বাভাৱিক ভাবে মৃত্যু হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত।স্থানীয় ৰাইজৰ অভিযোগ খাদ্য সংকটত মৃত্যু হৈছে প্ৰতিদিনে ১০/১৫টাকৈ গৰু আৰু ম'হৰ।

সীমান্তত জব্দ হোৱা গৰু আৰু ম'হ সমুহধুবুৰী জিলাৰ  চাপৰৰ ৰঙামাটিত অস্থায়ী ভাবে অৱস্থিত গোশালাত এনজিও এটাৰ তৎতাবধানত ৰখাৰ ব্যৱস্থা কৰিছে চৰকাৰে।

উত্তৰ প্ৰদেশৰ পৰা অহা জ্ঞান ফান্ডেচন নামৰ এনজিও এটায় চোৱা চিতা কৰে এই সকলো কৰ্মকান্ড।
কিন্তু বিগত দুটা সপ্তাহৰ পৰা অস্বাভাৱিক ভাবে গৰুৰ মৃত্যুয়ে চিন্তিত কৰি তুলিছে স্থানীয় ৰাইজক। স্থানীয় ইয়াচিন আলীৰ মতে এনেকৈ প্ৰতিদিনে পশু সমুহৰ মৃত্যুত আমি চিন্তিত হৈ পৰিছো। আমাৰ ধৰণা সঠিক খাদ্য আৰু চিকিৎসাৰ অভাবত এনে ঘটনা সংঘটিত হৈ আছে।

কিন্ত উক্ত বিষয়ত এনজিওটোৰ তৰফৰ পৰা কোনো তথ্য এতিয়ালৈকে সদৰী কৰা হোৱা নাই।

আনকি জিলা প্ৰসাসনেয় উক্ত বিষয়ত অজ্ঞাতা প্ৰকাশ কৰিছে।
আনহতে ৰঙামাটি গাঁৱৰ কৃষক হাফিজুৰ ৰহমানৰ সন্ধেহ কোনোৱা অচিন ৰোগতো গৰু বোৰৰ মৃত্যু হব পাৰে আৰু চৰকাৰে পশু চিকিৎসকৰ জঢ়িয়তে ইয়াৰ তদন্ত কৰিব লাগে। যদি সচাই কোনো অচিন ৰোগ আহিছে তেনেহলে মৃত গৰু ম'হ সমুহক ইয়াতেই মিটি খান্দি ৰখা হৈছে আৰু ইয়াৰ পৰা আমাৰ নিজৰ গৰুৰ লগতে আমাৰো বেমাৰ হব পাৰে। এই সমগ্ৰ বিষয়টো প্ৰসাসনে গুৰুত্ব সহকাৰে লোৱা উচিত।

উল্লেখ্য যে ভাৰত-বাংলা সীমান্তত BSFয়ে  জব্দ কৰা হেজাৰৰ অধিক  গৰু আৰু ম'হক   ধুবুৰী জিলাৰ  চাপৰ ৰাজহ চক্রৰ অন্তৰ্গত ৰঙামাটিত এটা  বিশাল অঞ্চলত গো-শালা স্থাপন কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে।
যি সময়ত শাসকীয় চৰকাৰে  গো মাতাৰ সুৰক্ষাৰ ক্ষেত্ৰত তৎপৰতা দেখুৱাই আছে ঠিক সেই সময়তে  চাপৰৰ ৰঙামাটিৰ গো-শালাত গৰু মহৰ অস্বাভাৱিক মৃত্যুৰ প্ৰকৃত কাৰন উৎঘাটনৰ বাবে তদন্ত হব নে ?
First published: August 1, 2020, 1:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading