• Home
  • »
  • News
  • »
  • assam
  • »
  • ক্ষেত্ৰী আৰক্ষীৰ জালত ৪০টা চোৰাং গৰুসহ এখন বাহন 

ক্ষেত্ৰী আৰক্ষীৰ জালত ৪০টা চোৰাং গৰুসহ এখন বাহন 

চোৰাং গৰু সৰহবৰাহৰ ক্ষেত্ৰত অভিযান চলাই ক্ষেত্ৰী আৰক্ষী থানা আৰু যোৰাবাট আৰক্ষী চকী সফল হৈছে যদিও দুয়োখন থানাৰ মাজত থকা সোণাপুুৰ আৰক্ষী এইক্ষেত্ৰত কিয় দূৰ্বল

চোৰাং গৰু সৰহবৰাহৰ ক্ষেত্ৰত অভিযান চলাই ক্ষেত্ৰী আৰক্ষী থানা আৰু যোৰাবাট আৰক্ষী চকী সফল হৈছে যদিও দুয়োখন থানাৰ মাজত থকা সোণাপুুৰ আৰক্ষী এইক্ষেত্ৰত কিয় দূৰ্বল

চোৰাং গৰু সৰহবৰাহৰ ক্ষেত্ৰত অভিযান চলাই ক্ষেত্ৰী আৰক্ষী থানা আৰু যোৰাবাট আৰক্ষী চকী সফল হৈছে যদিও দুয়োখন থানাৰ মাজত থকা সোণাপুুৰ আৰক্ষী এইক্ষেত্ৰত কিয় দূৰ্বল

  • Share this:
ৰাজ্যত সঘনাই সংঘটিত হোৱা অবৈধ গৰু সৰবৰাহৰ ঘটনা এক মূৰৰ বিষ হৈ পৰিছে আৰক্ষীৰ। অসম আৰক্ষীয়ে অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে প্ৰতিদিনে অভিযান অব্যাহত ৰাখিছে যদিও এনে কাৰ্য বন্ধ হোৱা নাই। বৃহস্পতিবাৰে  ক্ষেত্ৰী আৰক্ষীৰ এক অভিযানত জব্দ হয় বহুসংখ্যক গৰুভৰ্তি এখন ট্ৰাক। জানিব পৰা মতে ক্ষেত্ৰী অঞ্চলত চলোৱা এক অভিযানত ক্ষেত্ৰীৰ কয়লা শিলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নগাঁৱৰ পৰা মেঘালয়ৰ বৰ্ণিহাটলৈ গৈ থকা অৱস্থাত AS25CC4819 নম্বৰৰ এখন বাৰ চকীয়া ট্ৰাকসহ ৪০ টাতকৈ অধিক গৰু জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে এই অভিযানতৰ উমান পাই ট্ৰাকখনৰ চালকৰ লগতে ট্ৰাকখনত থকা অন্য এগৰাকী লোক পলাই যাবলৈ সক্ষম হয় ৷

জানিব পৰা মতে   বিগত ৫ আগষ্টত যোৰাবাট আৰক্ষী চকীয়ে ৮ টা গৰুসহ ২জনক  আটক কৰে, ৮ আগষ্টত ক্ষেত্ৰী আৰক্ষী থানাই ৮ টা গৰুসহ ১জনক আটক কৰে,  ৯আগষ্টৰ দিনা যোৰাবাট আৰক্ষী চকীয়ে ৩২ টা গৰুসহ ১জনক আটক কৰাৰ লগতে ১১ আগষ্টত যোৰাবাট আৰক্ষী চকীয়ে ১৫ টা গৰুসহ দুজনক আটক কৰে ৷ ইয়াৰ উপৰিও চলিত বৰ্ষৰ ১২ আগষ্ট  তাৰিখে ক্ষেত্ৰী আৰক্ষী থানাৰ অধীনত ২৯ টা গৰুসহ ২ জনক আৰক্ষীয়ে আটক কৰে, ১৫ আগষ্টৰ দিনাখন সোণাপুৰ আৰক্ষী থানাই ৮টা গৰুসহ ২ জনক আটক কৰাৰ লগতে ১৬ আগষ্টত যোৰাবাট আৰক্ষী চকীয়ে  ১১টা গৰুসহ ২ জনক আটক  কৰিছিল৷

উল্লেখযোগ্য যে, ১৮ আগষ্ট তাৰিখে ক্ষেত্ৰী আৰক্ষী  চকীয়ে ৪০টা গৰু জব্দ কৰিবলৈ সক্ষম হয়। মন কৰিবলগীয়া বিষয় যে, বিগত ৫ আগষ্টৰ পৰা ১৮ আগষ্টলৈ মুঠতে ১৫১ টা গৰুসহ মুঠ ১২ জন লোকক অবৈধ গৰু সৰবৰাহ কৰা দোষত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷

লক্ষ্যনীয়  বিষয়টো হ’ল যে , কেইবাদিনৰ পৰা ৰাজ্যত গৰুৰ সৰবৰাহ বৃহৎ পৰিমাণত চলি আহিছে গৰুৰ চোৰাং সৰহবৰাহ। কিন্তু ক্ষেত্ৰী আৰক্ষী থানা আৰু যোৰাবাট আৰক্ষী চকীৰ  মাজত থকা সোণাপুৰ আৰক্ষীয়ে এখন গৰুভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম নোহোৱা বিষয়টোৱে এতিয়া এটা প্ৰশ্নৰ উত্থাপন কৰিছে। বিশেষ যে, এই গৰুভৰ্তি বাহন সোণাপুৰ পাৰ হৈ যোৱাৰ পিছত যোৰাবাট আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।
Published by:Sanjay Kumar Das
First published: