Cattle Smuggling: মঙলবাৰে ৰহা আৰক্ষীয়ে অভিযান চলাই ৰহা টোলগেটৰ সমীপৰ পৰা জব্দ কৰে ২৩টা চোৰাং গৰুসহ এখন ট্ৰাক।
Cattle Smuggling: মঙলবাৰে ৰহা আৰক্ষীয়ে অভিযান চলাই ৰহা টোলগেটৰ সমীপৰ পৰা জব্দ কৰে ২৩টা চোৰাং গৰুসহ এখন ট্ৰাক।
বান বিভীষিকাৰ মাজতো ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা। মঙলবাৰে ৰহা আৰক্ষীয়ে অভিযান চলাই ৰহা টোলগেটৰ সমীপৰ পৰা জব্দ কৰে ২৩টা চোৰাং গৰুসহ এখন ট্ৰাক। আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AS-01-GC-9787.
আৰক্ষী সুত্ৰে জানিব পৰা মতে ডেৰগাঁৱৰ পৰা যোৰাবাটলৈ আনিছিল গৰুকেইটা। ৰহা আৰক্ষীয়ে লগতে চোৰাং গৰু সৰবৰাহ কৰা ট্ৰাকখনৰ চালককো আটক কৰিবলৈ সক্ষম হয়। গাড়ীখনৰ চালকে জানিব দিয়া মতে গৰু কেইটা নগাঁৱৰ চামগুৰিৰ আলী হুছেইন নামৰ লোকজনে সৰবৰাহ কৰিছিল। চালকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|