• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যত অব্যাহত গৰুৰ চোৰাং বেহা, কলিয়াবৰত পুনৰ জব্দ গৰুভৰ্তি ট্ৰাক, এজন সৰবৰাহকাৰী আটক

ৰাজ্যত অব্যাহত গৰুৰ চোৰাং বেহা, কলিয়াবৰত পুনৰ জব্দ গৰুভৰ্তি ট্ৰাক, এজন সৰবৰাহকাৰী আটক

কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত বাগৰি আৰক্ষীয়ে ধাৰাবাহিকভাৱে জব্দ কৰিবলৈ সক্ষম হৈছে ইখনৰ পাছত সিখন চোৰাং গৰুভৰ্তি বাহন।

  • Share this:
নিশা কলিয়াবৰত পুনৰ জব্দ গৰুভৰ্তি বাহন। কলিয়াবৰৰ বাগৰিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা আৰক্ষীৰ অভিযান। অভিযানত আৰক্ষীয়ে জব্দ কৰে AS 25 EC 1383 নম্বৰৰ এখন চোৰাং গৰুভৰ্তি ট্ৰাক। বাগৰি আৰক্ষীৰ অভিযানত জব্দ হৈছে উজনিৰ পৰা নামনি অভিমুখী ইখনৰ পিছত আনখন গৰুভৰ্তি বাহন।

দেওবাৰে নিশাও পুনৰ বাগৰি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় এখন গৰুভৰ্তি ট্ৰাক।
গোলাঘাটৰ পৰা নগাঁও অভিমুখী এখন গৰুভৰ্তি ট্ৰাকখন জব্দ কৰে বাগৰি আৰক্ষীয়ে।আৰক্ষীয়ে জব্দকৃত ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰে ২৩টাকৈ গৰু। লগতে আৰক্ষীয়ে আটক কৰে এজন সৰবৰাহকাৰীক।

উল্লেখ যে, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত বাগৰি আৰক্ষীয়ে ধাৰাবাহিকভাৱে জব্দ কৰিবলৈ সক্ষম হৈছে ইখনৰ পাছত সিখন চোৰাং গৰুভৰ্তি বাহন।অবৈধ গো-ধন সৰবৰাহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ পিছতো ৰাজ্যত অব্যাহত আছে গৰু অবৈধ সৰবৰাহ।  আৰক্ষীৰ চকুত ধুলি দি একাংশই চলাই গৈছে গৰুৰ চোৰাং বেহা।
Published by:Sanjay Kumar Das
First published: