
ৰাজ্যিক কৰ্মচাৰীসকলে নিজৰ পিতৃ-মাতৃৰ সান্নিধ্যত একান্তভাৱে কিছু সময় অতিবাহিত কৰাৰ সুবিধাৰ্থে অসম চৰকাৰে এই বিশেষ ছুটী মঞ্জুৰ কৰিছে
ৰাজ্যিক কৰ্মচাৰীসকলে নিজৰ পিতৃ-মাতৃৰ সান্নিধ্যত একান্তভাৱে কিছু সময় অতিবাহিত কৰাৰ সুবিধাৰ্থে অসম চৰকাৰে এই বিশেষ ছুটী মঞ্জুৰ কৰিছে
ৰাজ্য চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ বাবে এক বিশেষ খবৰ। কাৰণ অসম চৰকাৰে মাতৃ-পিতৃ বন্দনা আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে অহা ২০২৩ বৰ্ষৰ ৯ ফেব্ৰুৱাৰী আৰু ১০ ফেব্ৰুৱাৰীত বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰিছে। এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জনোৱা হৈছে। বিজ্ঞপ্তিটোত উল্লেখ কৰা অনুসৰি কৰ্মচাৰীসকলে ১১ ফেব্ৰুৱাৰী আৰু ১২ ফেব্ৰুৱাৰীত থকা মাহৰ দ্বিতীয় শনিবাৰ আৰু দেওবৰীয়া বন্ধৰ লগত মিলাই এই ছুটী ভোগ কৰিব পাৰিব। ইয়াৰ বাবে সকলো ৰাজ্যিক কৰ্মচাৰীয়ে https:/ /matripitrivandana.assam.gov.in প'ৰ্টেল যোগে আবেদন কৰিব পাৰিব। এই বিশেষ ছুটী সম্পর্কীয় নীতি-নির্দেশনাও উল্লিখিত প'ৰ্টেলতে উপলব্ধ হ'ব।
উল্লেখযোগ্য যে, ৰাজ্যিক কৰ্মচাৰীসকলে নিজৰ পিতৃ-মাতৃৰ সান্নিধ্যত একান্তভাৱে কিছু সময় অতিবাহিত কৰাৰ সুবিধাৰ্থে অসম চৰকাৰে এই বিশেষ ছুটী মঞ্জুৰ কৰিছে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|