বৰপেটা সত্ৰত সেৱা ল’লে কংগ্ৰেছ সভাপতি ভূপেন বৰাই৷ আজি কংগ্ৰেছ সভাপতিয়ে বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰৰ ভকতৰ সৈতে পুৱাৰ প্ৰসংগতো ভাগ লয় ৷ তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাৰ সৈতে ভূপেন বৰাই সত্ৰত সেৱা লয়৷ উল্লেখ্য যে, সত্ৰলৈ যোৱাৰ পথত তেখেতক বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদেও সংগ দিয়ে।
ইফালে বৰপেটাত ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে কেইটামান ভোটৰ স্বাৰ্থত জাতপাতৰ ৰাজনীতি চলিছে। হিন্দুত্বৰ নামাৱলী গাত মেৰিয়াই কংগ্ৰেছে ভোট বিচাৰি যোৱা নাই বুলিও উল্লেখ কৰে৷ লগতে তেওঁ কয় যে বিজেপিৰ পৰা কংগ্ৰেছক হিন্দুত্বৰ চাৰ্টিফিকেট নালাগে৷
তেওঁ কয় যে, ‘‘চাৰ্ফেৰে কাপোৰ চাফা কৰিব পাৰি, চেম্পুৰে চুলি আৰু চাবোনেৰে গা চাফা কৰিব পাৰি কিন্তু আত্মাৰ শুদ্ধিৰ বাবে কেবল নাম।’’
মুখ্যমন্ত্ৰীয়ে আজমলক চাহাব সম্বোধন কৰা সম্পৰ্কেও মন্তব্য কৰি তেওঁ কয় যে ‘‘পূৰ্বতে বাগানৰ মালিক ইংৰাজক শ্ৰমিকে চাহাব বুলিছিল ৷ এতিয়া মুখ্যমন্ত্ৰীয়ে আজমলক চাহাব বুলি কয়। কথাবোৰ উজনিৰ ৰাইজৰ মাজলৈ লৈ গৈ আছো ৷ অসমৰ ৰাজনীতিৰ পৰা আমি বিভাজনৰ সাম্প্ৰদায়িক ৰাজনীতি নিঃশেষ কৰিম৷’’
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|