নগদ ধনেৰে পেট্ৰ’ল পাম্পত ল’ব নোৱাৰিব পেট্ৰ’ল–ডিজেল

বেংকত জমা দিবলৈ অনা বাইহাটা চাৰিআলিৰ এটা তেল ডিপোৰ ২৫লাখ টকাৰো অধিক ধন আৰক্ষীয়ে জব্দ কৰাৰ পিছতে সিদ্ধান্ত।

news18assam
Updated:April 19, 2019, 12:48 AM IST
নগদ ধনেৰে পেট্ৰ’ল পাম্পত ল’ব নোৱাৰিব পেট্ৰ’ল–ডিজেল
বেংকত জমা দিবলৈ অনা বাইহাটা চাৰিআলিৰ এটা তেল ডিপোৰ ২৫লাখ টকাৰো অধিক ধন আৰক্ষীয়ে জব্দ কৰাৰ পিছতে সিদ্ধান্ত।
news18assam
Updated: April 19, 2019, 12:48 AM IST
শুকুৰবাৰৰ পৰা কেছলেছ হ’ব তেল ডিপো।

ATM কাৰ্ডযোগেহে কিনিব পাৰিব পেট্ৰ’ল-ডিজেল।

গুৱাহাটী পেট্ৰ’ল পাম্পৰ মালিক এছচিয়েচনৰ উমৈহতীয়া সিদ্ধান্তৰ পিছতে এই ঘোষণা।


লোকসভা নিৰ্বাচন শেষ নোহোৱালৈকে নগদ ধনত দিয়া নহয় তেল।

নগদ ধন সৰবৰাহত হোৱা অসুবিধাৰ বাবেই এই সিদ্ধান্ত।

বুধবাৰে গুৱাহাটীত এজনৰ পৰা ২৫.১১ লাখ টকা জব্দ কৰা হৈছিল।

সেই ধন আছিল বাইহাটা চাৰিআলিৰ এটা তেল ডিপোৰ।
বেংক বন্ধ থকাৰ বাবে জমা দিব পৰা নাছিল ধনখিনি।

বেংকৰ ৰছিদসহ জমা দিব আহিছিল এগৰাকী কৰ্মচাৰীয়ে।

টকাখিনি জব্দ কৰিছিল আৰক্ষী, অভিযানকাৰী দলে।

তথ্যপাতি পৰীক্ষা কৰিও ধনখিনি জমা দিছিল ট্ৰেজাৰীত।

সেয়ে নগদ ধনত পেট্ৰ’ল-ডিজেল বিক্ৰী নকৰাৰ সিদ্ধান্ত পেট্ৰ’ল পাম্প মালিক সন্থাৰ।

২৩ এপ্ৰিললৈকে নগদ ধনত নাপাব পেট্ৰ’ল-ডিজেল।

আৰু চাওক পৰৱৰ্তী বাতৰি