মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Cash For Result : ধনৰ বিনিময়ত মেট্ৰিক–HSৰ ফলাফল! সংবাদমেলত কামৰূপ আৰক্ষী অধীক্ষকে ক’লে – অসমৰ আন জিলাতো চলি আছে এই প্ৰক্ৰিয়া

Cash For Result : ধনৰ বিনিময়ত মেট্ৰিক–HSৰ ফলাফল! সংবাদমেলত কামৰূপ আৰক্ষী অধীক্ষকে ক’লে – অসমৰ আন জিলাতো চলি আছে এই প্ৰক্ৰিয়া

News18 Assam | News18-Assam
Updated:July 18, 2021, 2:38 PM IST
Cash For Result : ধনৰ বিনিময়ত মেট্ৰিক–HSৰ ফলাফল! সংবাদমেলত কামৰূপ আৰক্ষী অধীক্ষকে ক’লে – অসমৰ আন জিলাতো চলি আছে এই প্ৰক্ৰিয়া
আমিনগাঁৱৰ স্কুল পৰিদৰ্শকৰ কাৰ্যালয়, বাইহাটাৰ দক্ষিণহাটী, কমলপুৰ আৰু কৰৰাত আৰক্ষীৰ অভিযান।

আমিনগাঁৱৰ স্কুল পৰিদৰ্শকৰ কাৰ্যালয়, বাইহাটাৰ দক্ষিণহাটী, কমলপুৰ আৰু কৰৰাত আৰক্ষীৰ অভিযান।

  • Share this:
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ বৃহৎ কেলেংকাৰী সন্দৰ্ভত কামৰূপ আৰক্ষী অধীক্ষক হিতেশ ৰায়ৰ সংবাদমেল। সংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে একেলগে চাৰিটা স্থানত অভিযান চলাইছিল কামৰূপ জিলা আৰক্ষীয়ে। আমিনগাঁৱৰ স্কুল পৰিদৰ্শকৰ কাৰ্যালয়, বাইহাটাৰ দক্ষিণহাটী, কমলপুৰ আৰু কৰৰাত আৰক্ষীৰ অভিযান।

বৰ্তমান ২ জনক গ্ৰেপ্তাৰ কৰিছে কামৰূপ আৰক্ষীয়ে। IS কাৰ্যালয়ৰ ডাটা এন্ট্রী অপাৰেটৰ প্ৰশান্ত দাসক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ কৰা হৈছে মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাচ আলীক। দুয়োৰে ফোনত হোৱা কথোপকথন লাভ কৰিছে আৰক্ষীয়ে। চাংসাৰি থানাত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে কামৰূপ আৰক্ষীয়ে। চাংসাৰি থানৰ গোচৰ নম্বৰ 329/21, U/S-120B/ 465/466/471/199 IPC।

প্ৰশান্ত দাসৰ দক্ষিণহাটীৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২ লাখ ১৮ হাজাৰ ৯৭০ টকা। প্ৰশান্তৰ কাৰ্যালয়ৰ পৰা জব্দ ১৭ হাজাৰ ৫০ টকা। আৰক্ষীয়ে আটক কৰিছে কস্তূৰবা হাইস্কুলৰ শিক্ষয়িত্ৰী দেৱযানী ডেকা, কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শক মাধৱ ডেকা, ছেবাৰ সম্বন্বয়ক ফুলপাহি নাথ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শিৱেশ্বৰ কলিতা আৰু গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হবিবুৰ ৰহমানক। লেপটপ, মোবাইল ফোন, বহু নথি-পত্ৰৰ লগতে নগদ ধন জব্দ কৰা হৈছে।

আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, অসমৰ আৰু জিলাত এই অসৎ পন্থা অৱলম্বনৰ প্ৰক্ৰিয়া চলি আছে। সেই জিলাসমূহৰ আৰক্ষী অধীক্ষকক আমি অৱগত কৰিছো।
Published by: Sanjay Kumar Das
First published: July 18, 2021, 2:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি