মূল্যাংকন কেলেংকাৰীত নাম সাঙোৰ খোৱা কামৰূপৰ বিদ্যালয় পৰিদৰ্শক মাধৱ ডেকাক বদলি

News18 Assam | News18-Assam
Updated:July 19, 2021, 9:12 AM IST
মূল্যাংকন কেলেংকাৰীত নাম সাঙোৰ খোৱা কামৰূপৰ বিদ্যালয় পৰিদৰ্শক মাধৱ ডেকাক বদলি
অপূৰ্ব ঠাকুৰীয়াক কামৰূপৰ বিদ্যালয় পৰিদৰ্শকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। অপূৰ্ব ঠাকুৰীয়া কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ দায়িত্বত আছিল।

অপূৰ্ব ঠাকুৰীয়াক কামৰূপৰ বিদ্যালয় পৰিদৰ্শকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। অপূৰ্ব ঠাকুৰীয়া কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ দায়িত্বত আছিল।

  • Share this:
কামৰূপৰ বিদ্যালয়ৰ পৰিদৰ্শক মাধৱ ডেকাক বদলি। মাধ্যমিক শিক্ষা পৰিষদৰ উপ সঞ্চালকৰূপে নিযুক্তি ডেকাক। মূল্যায়ন কেলেংকাৰীত নাম সাঙোৰ খাইছিল মাধৱ ডেকাৰ। আৰক্ষীয়ে মাধৱ ডেকাক আটক কৰি সোধা–পোছাৰ অন্তত মুকলি কৰি দিয়ে।

উল্লেখযোগ্য এই কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কেলেংকাৰীত জড়িত কোনো সাৰি যাব নোৱাৰে বুলি হুংকাৰ দিছিল দিছিল। ইয়াৰ পিছতে বদলি কৰা হয় কেলেংকাৰীত নাম সাঙোৰ খোৱা বিদ্যালয়ৰ পৰিদৰ্শক মাধৱ ডেকাক।

আনহাতে, অপূৰ্ব ঠাকুৰীয়াক কামৰূপৰ বিদ্যালয় পৰিদৰ্শকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। অপূৰ্ব ঠাকুৰীয়া কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ দায়িত্বত আছিল।

এই কেলেংকাৰীৰ সৈতে জড়িতৰ অভিযোগত আটক কৰা আক্কাছ আলী আৰু প্ৰশান্ত দাসক গ্ৰেপ্তাৰ কৰাৰ লগতে বাকীসকলক সোধা–পোছাৰ অন্তত যাবলৈ দিয়া হয়।
Published by: Sanjay Kumar Das
First published: July 19, 2021, 9:09 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি