কংগ্ৰেছৰ লেতেৰা ৰাজনীতি, হোটেলত উদ্ধাৰ জাপে জাপে টকাৰ বাণ্ডিল

টকাৰে ভোট কিনাৰ চেষ্টা ৰাজনৈতিক দলৰ, নগাঁৱত ১৫ লাখ টকাসহ আটক কংগ্ৰেছী

Sanjay Kumar Das | news18assam
Updated:April 17, 2019, 6:55 PM IST
কংগ্ৰেছৰ লেতেৰা ৰাজনীতি, হোটেলত উদ্ধাৰ জাপে জাপে টকাৰ বাণ্ডিল
টকাৰে ভোট কিনাৰ চেষ্টা ৰাজনৈতিক দলৰ, নগাঁৱত ১৫ লাখ টকাসহ আটক কংগ্ৰেছী
Sanjay Kumar Das | news18assam
Updated: April 17, 2019, 6:55 PM IST
লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত নগাঁৱত উদ্ধাৰ হ’ল ১৪ লাখ ৯৫ হাজাৰ লাখ টকা। নগাঁৱৰ এখন অভিজাত হোটেলত আৰক্ষী আৰু ফ্লায়িং স্কোৱাডৰ অভিযানত টকাসহ আটক হ’ল তিনি কংগ্ৰেছী। টকাৰ বান্দিলৰ সৈতে উদ্ধাৰ হয় নগাঁও সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ ছবিসম্বলিত বেজ। শেষ নিশাৰ খেলৰ বাবেই কংগ্ৰেছে এই ধন লুকুৱাই ৰখাৰ অভিযোগ উত্থাপিত হৈছে।

কংগ্ৰেছ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক নৱ তালুকদাৰৰ নামত থকা নগাঁৱৰ অভিজাত হোটেল কাৰ্ডিয়েল কাৰ্টিচিত ফ্লায়িং স্কোৱাড আৰু আৰক্ষীয়ে চলাইছিল অভিযান। হোটেলখনৰ এটা কোঠাত তিনিজন যুৱকৰ পৰা অভিযানকাৰী দলে ১৪ লাখ ৯৫ হাজাৰ টকাৰ লগতে উদ্ধাৰ কৰে প্ৰদ্যুৎ বৰদলৈৰ ছবিসম্বলিত বহু বেজ।

উদ্ধাৰ হোৱা টকাবোৰ নিয়াৰিকৈ ভৰাই থোৱা আছিল বহু লেফাফাত। লেফাফাৰ ওপৰত লিখা আছিল বিতৰণ কৰিবলগীয়া পঞ্চায়তৰ নাম। নিৰ্বাচনৰ পূৰ্বে ভোটাৰক বিতৰণৰ বাবেই যে এই ধন লুকুৱাই ৰখা হৈছিল সেয়া স্পষ্ট হৈ পৰিছে। প্ৰায় এঘণ্টাজোৰা অভিযানৰ অন্তত আৰক্ষীয়ে আটক কৰে নগাঁৱৰ কংগ্ৰেছ নেতা জিতেন গোস্বামী, তিনিচুকীয়াৰ ছাকিল আখতাৰ আৰু গুৱাহাটীৰ অৰিন্দম কাকতিক।

এই ঘটনাৰ পিছতে নগাঁৱত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ধনবল প্ৰয়োগ কৰি শেষ নিশাৰ খেলত জিকিবলৈ উঠিপৰি লাগিছে কংগ্ৰেছ দল। সমষ্টিটোত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে প্ৰদ্যুৎ বৰদলৈক। ইতিমধ্যে ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলাইছে বিজেপিৰ কেইবাগৰাকীও হাই প্ৰফাইল নেতাই। প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত বিজেপিতকৈ তুলনামূলকভাৱে বেকফুটত থকা কংগ্ৰেছে পৰাজয়ৰ আশংকাতে এইদৰে ধনবল প্ৰয়োগ কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখযোগ্য যে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ বিভিন্ন ঠাইত আৰক্ষী আৰু ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ হৈছে লাখ লাখ টকা। টকাৰে জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ ক্ৰয় কৰাৰ চেষ্টা চলাইছে ৰাজনৈতিক দলসমূহে। ১৮ এপ্ৰিলত নগাঁও সংসদীয় সমষ্টিৰ লগতে অসমৰ ৫টা সমষ্টিত অনুষ্ঠিত হ’যব নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত নগাঁৱৰ লগতে মঙলদৈ, শিলচৰ, কৰিমগঞ্জ আৰু ডিফুত হ’ব ভোটগ্ৰহণ।
আৰু চাওক পৰৱৰ্তী বাতৰি