সোমবাৰে অসমত কোভিডত আক্ৰান্ত হয় ৬০জনকৈ লোক। বিগত কেইদিনৰ হিচাপত এয়া আছিল সৰ্বাধিক। আনহাতে কোভিড পজিটিভিটী হাৰ ৬.৭১ শতাংশলৈ বৃদ্ধি হয়। ইয়াৰে কামৰূপ মেট্ৰ'ত ৪০গৰাকী লোক কোভিডত আক্ৰান্ত হয় ২৭ জুনৰ দিনটোত।
উল্লেখ্য, ২৬ জুনত আক্ৰান্তৰ সংখ্যা আছিল ৩৬গৰাকী আৰু আটাইকেইগৰাকী কামৰূপ মেট্ৰ'ৰ আছিল। আনহাতে ২৫ জুনত আছিল ৪৩ গৰাকী, যাৰ ৩২ গৰাকী আছিল কামৰূপ মেট্ৰ'ৰ (Assam Covid Cases)।
জুনৰ প্ৰথম ভাগৰ পৰা ৰাজ্যখনত কোভিড আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱা দেখা গৈছে। যদিও ই আশংকাজনক ৰূপ লোৱা নাই তথাপি পজিটিভিটীৰ হাৰ বৃদ্ধি হৈ থকা বিষয়টো চিন্তনীয়।
![]()
ইফালে, ভাৰতত যোৱা ২৪ ঘণ্টাত ১১,৭৯৩টা নতুন কোৰোনা ভাইৰাছ সংক্ৰমণৰ কেছ নথিভুক্ত হৈছে, ফলত মুঠ কোভিড-১৯ ৰোগীৰ সংখ্যা ৪,৩৪,১৮,৮৩৯ হৈছেগৈ। আজি আপডেট কৰা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, সক্ৰিয় ঘটনা ৯৬,৭০০ লৈ বৃদ্ধি পাইছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|