NRC ৰ ঠিকা লাভ কৰা বহুজাতিক কোম্পানী WIPROৰ বিৰুদ্ধে শ্ৰম বিভাগৰ গোচৰ

NRC ৰ ঠিকা লাভ কৰাৰ সময়ত WIPRO য়ে লোৱা নাছিল শ্ৰম বিভাগৰ অনুজ্ঞাপত্ৰ ৷ কামৰূপ চিজেএম ত গোচৰ ৰুজু কৰিলে শ্ৰম বিভাগে ৷

News18-Assam
Updated:October 1, 2019, 8:11 AM IST
NRC ৰ ঠিকা লাভ কৰা বহুজাতিক কোম্পানী WIPROৰ বিৰুদ্ধে শ্ৰম বিভাগৰ গোচৰ
NRC ৰ ঠিকা লাভ কৰাৰ সময়ত WIPRO য়ে লোৱা নাছিল শ্ৰম বিভাগৰ অনুজ্ঞাপত্ৰ ৷ কামৰূপ চিজেএম ত গোচৰ ৰুজু কৰিলে শ্ৰম বিভাগে ৷
News18-Assam
Updated: October 1, 2019, 8:11 AM IST
বহুজাতিক কোম্পানী WIPRO ৰ বিৰুদ্ধে গোচৰ শ্ৰম বিভাগৰ ৷ NRC ৰ ঠিকা লাভ কৰাৰ সময়ত WIPRO য়ে লোৱা নাছিল শ্ৰম বিভাগৰ অনুজ্ঞাপত্ৰ ৷ কামৰূপ চিজেএম ত গোচৰ ৰুজু কৰিলে শ্ৰম বিভাগে ৷
NRC ত ডাটা অপাৰেটৰ দৰমহাকে বিসংগতি ধৰি বহু খেলি মেলিৰ বাবে সংবাদ শিৰোনামত থকা WIPRO ৰ বিৰুদ্ধে আদালতৰ কাষ চাপিল শ্ৰম বিভাগ ৷ ২০১৭ চনত শ্ৰম বিভাগৰ ওচৰত অভিযোগ আহিছিল WIPRO–এ NRC ৰ ঠিকা লাভ কৰাৰ সময়ত লোৱা নাছিল প্ৰয়োজনীয় শ্ৰম বিভাগৰ অনুজ্ঞাপত্ৰ ৷ অনুজ্ঞাপত্ৰৰ অবিহনেই WIPRO–এ চলাই আহিছিল ব্যৱসায় ৷ শ্ৰম বিভাগে সমগ্ৰ বিষয় অনুসন্ধান কৰাৰ পিচতে WIPRO ৰ বিৰুদ্ধে কামৰূপ চিজেএমত গোচৰ ৰুজু কৰে ৷ অকল ইমানেই নহয় WIPRO ৰ বিৰুদ্ধে NRC ত নিয়োজিত প্ৰায় ৯ হাজাৰ ডাটা এন্ট্ৰি অপাৰেটৰক দৰমহাৰ নামত প্ৰৱঞ্চনাৰ অভিযোগো আহিছে শ্ৰম বিভাগৰ ওচৰত ৷ WIPRO য়ে এনআৰচি কৰ্তৃপক্ষৰ পৰা একোজন ডাটা এন্ট্ৰি অপাৰেটৰ বাবে লয় ১৪,৫০০ টকাকৈ ৷ কিন্তু ডাটা এন্ট্ৰি অপাৰেটৰক দৰমহা দিছে ৫০৫০ টকাকৈ ৷ শ্ৰম বিভাগে এই অভিযোগৰ আৰম্ভ কৰিছে তদন্ত ৷ ১৪ তাৰিখৰ ভিতৰত NRC আৰু WIPRO ক সকলো তথ্য দাখিল কৰাৰ নিৰ্দেশ ৷ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সূত্ৰ মতে ডাটা এন্ট্ৰি অপাৰেটৰৰ দৰমহাৰ নামত প্ৰায় ১০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷ শীঘ্ৰে এই কেলেংকাৰীৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিব শ্ৰম বিভাগে ৷

 
আৰু চাওক পৰৱৰ্তী বাতৰি