অইল ইণ্ডিয়াৰ অবিবেচক আৰু কাণ্ডজ্ঞানহীনতাৰ বাবেই আজিও জ্বলি আছে বাঘজান ৷ আজিৰ তাৰিখত বাঘজান জুই কুৰা নিৰ্বাপিত কৰাত বিফল হৈছে অইল কৰ্তৃপক্ষৰ লগতে বিশেষজ্ঞৰ দল ৷ যাৰ ফলশ্ৰুতিত বাঘজানৰ আশে পাশে প্ৰায় পাঁচ কিলোমিটাৰ ব্যাসাদ্ধ এলেকা সামৰি জনসাধাৰণে বাসগৃহৰ লগতে হেৰুৱাব লগা হ'ল পশুধনো ৷
এই ঘটনাৰ পাছত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে প্ৰকৃতিপ্ৰেমী সোনেশ্বৰ নৰহ, মহম্মদ আফ্ৰিন ৰহমান আৰু সমুদ্ৰজিৎ গোহাঁঞে এক গোচৰ ৰুজু কৰিছিল ৷ O.A/50/2020/EZ নম্বৰত গোচৰ ৰুজু হোৱাৰ পাছত উচ্চতম ন্যায়ালৰ ন্যায়াধীশ এচ পি ৱাংডি আৰু ডঃ নাগিন নন্দাৰ বিচাৰপীঠত গোচৰীয়া পক্ষৰ হৈ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা প্ৰশান্ত চন্দ্ৰ সেনে উত্থাপন কৰিছিল ৷
মঙলবাৰে হোৱা শুনানিত অইল ইণ্ডিয়াৰ লগতে বিচাৰপীঠে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডকো জগৰীয়া কৰে ৷ কাৰণ যোৱা ১৯ জুন পৰ্যন্ত ৰাজ্যিক প্ৰদুষণ নিয়ন্ত্ৰণ বৰ্ডে অইল ইণ্ডিয়াৰ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰিব পৰা নাছিল ৷ যাৰ বাবে এনে এক ভয়ঙ্কৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি অইল ইণ্ডিয়াক জগৰীয়া কৰিছে ৷ এই ক্ষেত্ৰত অইল ইণ্ডিয়াৰ বিৰুদ্ধে ৰাজ্যিক প্ৰদুষণ নিয়ন্ত্ৰণ ব’ৰ্ডে কিয় নিজৰ দায়িত্ব পালন নকৰিলে বুলি ৰাষ্ট্ৰীয় সেউজ প্ৰাধিৰকণ আদালতে প্ৰশ্ন উত্থাপন কৰিছে ৷
অহা ২৯ জুলাইত গোচৰটোৰ প্ৰথম শুনানি লোৱা হ'ব বুলি মঙলবাৰে ৰাষ্ট্ৰীয় গ্ৰীণ ট্ৰিবিউনেলৰ আদালতে গোচৰীয়া পক্ষক লিখিতভাৱে জনোৱাৰ পাছত গোচৰীয়া পক্ষৰ মূল আহ্বায়ক সোনেশ্বৰ নৰহে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ জনতাৰ পক্ষে মাত মাতি যোৱা নেতাগৰাকীয়ে বাঘজানবাসীয়ে এই গোচৰৰ ন্যায় স্বৰূপে উচিত মূল্য লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে আৰু তাৎক্ষণিকভাৱে তেওঁলোকে তৰা গোচৰটোৰ প্ৰথম শুনানিৰ বাবে দিন ধাৰ্য কৰাৰ বাবে ৰাষ্ট্ৰীয় গ্ৰীণ ট্ৰিবিউনেল আৰু উচ্চতম ন্যায়ালয়ক ধন্যবাদ জনাইছে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|