ব্ৰাহ্মণৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য, জুবিন গাৰ্গৰ বিৰুদ্ধে বাইহাটা চাৰি আলিৰ থানাত এজাহাৰ

এজাহাৰকাৰীৰ মতে হিন্দী ভাষাক অপমান কৰি ৰাষ্ট্ৰদ্ৰোহ কৰিছে জুবিনে।

News18
Updated:July 28, 2019, 9:52 PM IST
ব্ৰাহ্মণৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য, জুবিন গাৰ্গৰ বিৰুদ্ধে বাইহাটা চাৰি আলিৰ থানাত এজাহাৰ
এজাহাৰকাৰীৰ মতে হিন্দী ভাষাক অপমান কৰি ৰাষ্ট্ৰদ্ৰোহ কৰিছে জুবিনে।
News18
Updated: July 28, 2019, 9:52 PM IST
২৬ জুলাইত গুৱাহাটীত এটা সংস্কৃতিক কাৰ্য্যসূচীত ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিৰুদ্ধে আপত্তিকৰ মন্তব্য কৰা শিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে বাইহাটা চাৰি আলি আৰক্ষী থানাত ব্ৰাহ্মণ সম্প্ৰদায়ৰ কেইজনমান লোকে এজাহাৰ দাখিল কৰিছে।

বহুতো ভুলেৰে ভৰা, অসমীয়াতে লিখা এজাহাৰখনত স্বাক্ষৰকাৰীসকলৰ মাজৰ এজনৰ নাম গিৰীন গোস্বামী।

জুবিন গাৰ্গৰ বিৰুদ্ধে দিয়া এজাহাৰ।


ব্ৰাহ্মণ সম্প্ৰদায়ক মাৰিবলৈ উচটনি যোগোৱা মন্তব্যই সম্প্ৰদায়টোৰ প্ৰতি ভাবুকি অনাৰ লগতে সমাজত ব্ৰাহ্মণ সম্প্ৰদায়টোক হেয় কৰিছে।


এজাহাৰখনত উল্লেখ কৰা হৈছে।

ইয়াৰ আগতেও কেইবাবাৰো ব্ৰাহ্মণ সম্প্ৰদায় তথা সনাতন ধৰ্মৰ ওপৰত বিৰূপ মন্তব্য কৰা দেখা গৈছে।


এজাহাৰখনত কোৱা হয়।

 

FIR Against Zubeen
বাইহাটা চাৰি আলিৰ আৰক্ষী থানাত জুবিনৰ বিৰুদ্ধে দিয়া এজাহাৰখনৰ প্ৰতিলিপি।
এজাহাৰকাৰীয়ে হিন্দীক ৰাষ্ট্ৰভাষা বুলি দাবী কৰি শিল্পীজনে একেটা সাংস্কৃতিক অনুষ্ঠানতে ৰাষ্ট্ৰভাষা (?)ক “ঢেকেৰী ভাষা” আখ্যা দি ৰাষ্ট্ৰদ্ৰোহৰ দৰে মন্তব্য কৰা বুলি দাবী কৰা হৈছে।

একাংশ সংবাদমাধ্যমত প্ৰকাশিত এই এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু হৈছে নে নাই সেই কথা জানিব পৰা হোৱা নাই।

 

উল্লেখ কৰিব পাৰি, পূৰ্বেও জুবিনৰ বিৰুদ্ধে একাধিক গোচৰ দিছে বিভিন্ন সময়ত বিভিন্ন পক্ষই। যোৱা বছৰ নলবাৰীত হিন্দু জাগৰণ মঞ্চ নামৰ এটা হিন্দুত্ববাদী সংগঠনেও জুবিনৰ বিৰুদ্ধে গোচৰ দিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি