তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকৰ বিৰুদ্ধে নাৰী সংক্ৰান্তীয় গোচৰ, আৰক্ষীয়ে কৰিলে আটক

News18 Assam | News18-Assam
Updated:July 16, 2020, 8:40 PM IST
তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকৰ বিৰুদ্ধে নাৰী সংক্ৰান্তীয় গোচৰ, আৰক্ষীয়ে কৰিলে আটক
কাৰাগাৰৰ অধীক্ষকৰ বিৰুদ্ধে দাখিল কৰা দুয়োটা গোচৰেই নাৰী সংক্ৰান্তীয়।

কাৰাগাৰৰ অধীক্ষকৰ বিৰুদ্ধে দাখিল কৰা দুয়োটা গোচৰেই নাৰী সংক্ৰান্তীয়।

  • Share this:
তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মৃণ্ময় কুমাৰ ডাউকাক আটক ৷ বকুল বৰা নামৰ এজন ব্যক্তি আৰু জুৰি কলিতা নামৰ এগৰাকী মহিলাৰ এজাহাৰ ভিত্তিত তেজপুৰ আৰক্ষীয়ে আটক কৰে কাৰাগাৰৰ অধীক্ষক মৃণ্ময় কুমাৰক। কাৰাগাৰৰ অধীক্ষকৰ বিৰুদ্ধে দাখিল কৰা দুয়োটা গোচৰেই নাৰী সংক্ৰান্তীয়।

অধীক্ষক ডাউকাই মহিলাক অশালীন ব্যৱহাৰ কৰাৰ লগতে ক্ষমতাৰ অপপ্ৰয়োগ কৰি কাৰাগাৰৰ ভিতৰে-বাহিৰে বিভিন্ন দুষ্কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰি বকুল বৰা নামৰ লোকজনে দিয়া এজাহাৰৰ ভিত্তিত তেজপুৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 354(A), 376(C) আৰু 409 ধাৰাৰ অধীনত 841/2020 নম্বৰত গোচৰ পঞ্জীয়ন কৰে কাৰাগাৰৰ অধীক্ষক জনৰ বিৰুদ্ধে।

আনহাতে জুৰি কলিতা নামৰ মহিলাই দাখিল কৰা আন এখন এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 294/354/342 আৰু 506 ধাৰাৰ অধীনত 1002/20 নম্বৰ গোচৰ পঞ্জীয়ন কৰে আৰু এই দুই গোচৰৰ ভিত্তিতেই আটক কৰে অধীক্ষক মৃণ্ময় কুমাৰ ডাউকাক ৷

উত্তৰ গুৱাহাটীৰ বাসিন্দা ডাউকা দীৰ্ঘদিন ধৰি তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত অধীক্ষক ৰূপে কৰ্মৰত হৈ আছে ৷ বৰ্তমান তেজপুৰ আৰক্ষীয়ে কাৰাগাৰৰ অধীক্ষকজনক সোধা-পোছা কৰি থকা বুলি জানিব পৰা গৈছে।
Published by: Himangshu Bhuyan
First published: July 16, 2020, 8:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading