‘মিঞা কবিতা’ আৰু কবিৰ বিৰুদ্ধে পাণবজাৰ আৰক্ষী থানাত গোচৰ

News18-Assam
Updated:July 12, 2019, 1:51 PM IST
‘মিঞা কবিতা’ আৰু কবিৰ বিৰুদ্ধে পাণবজাৰ আৰক্ষী থানাত গোচৰ
NRCৰ উন্নীতকৰণৰ সময়ত অসমৰ পৰিস্থিতি অশান্ত কৰা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক বদনামী কৰাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া।

NRCৰ উন্নীতকৰণৰ সময়ত অসমৰ পৰিস্থিতি অশান্ত কৰা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক বদনামী কৰাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া।

  • Share this:
এন আৰ চিৰ উন্নীতকৰণৰ সময়ত ৰাজ্য অশান্ত কৰাৰ মাধ্যমৰূপে একাংশ লোকে ব্যৱহাৰ কৰিছে ‘মিঞা কবিতা’! নতুনকৈ প্ৰচাৰ আৰম্ভ হোৱা মিঞা কবিতাৰ জৰিয়তে এটা চক্ৰই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ উত্থাপন কৰি প্ৰণৱজিৎ দ’লৈ নামৰ এগৰাকী ব্যক্তিয়ে পাণবজাৰ আৰক্ষী থানাত মিঞা কবিতাৰ ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰি থকা কেইগৰাকীমান ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।

পানবজাৰ থানাত মিঞা কবিতাৰ লেখক হাফিজ আহমেদৰ লগতে ছুলতানা, আব্দুৰ ৰহিম, আশ্ৰাফুল হুছেইন, আব্দুল কালাম আজাদ, কাজি নীল, ছেলিম এম হুছেইন, কৰিশ্মা হাজৰিকা, বৰ্ণমালিকা চৌধুৰী আৰু ফৰহাদ ভূঞাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে প্ৰণৱজ্যিৎ দ’লৈয়ে।

অভিযোগকাৰী দ’লৈয়ে উল্লেখ কৰা অনুসৰি, মিঞা কবিতা ৰূপে প্ৰচাৰিত এটা কবিতাত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিষয়ে উল্লেখ কৰি আপত্তি দৰ্শাই কবিতাটোত এন আৰ চিৰ নম্বৰ ব্যৱহাৰ কৰিছিল।

দ’লৈৰ মতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অসমত সমগ্ৰ এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি আছে গতিকে সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ নোহোৱাকৈ এই নম্বৰ কবিতাটোত ব্যৱহাৰ কৰাটো আদালতক অৱমাননা কৰা হৈছে।

উল্লেখযোগ্য যে, ৰাজ্যৰ চৰ চাপৰিৰ ২৮টাকৈ বংগমূলীয় মুছলমান গোটক লৈ 'মিঞা' জনগোষ্ঠীৰ দাবী তোলা একাংশৰ বিৰুদ্ধে এতিয়া ক্ষুব্ধ সংখ্যালঘু সমাজ। মাত্ৰ কেইজনমান বংগীয় মূলৰ মুছলমানৰ তৎপৰতাত মিঞা কবিতাৰ আঁৰ লৈ চলা এই চক্ৰান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে অসম সাহিত্য সভা, আছুকে ধৰি বুদ্ধিজীৱী সমাজো।
First published: July 12, 2019, 1:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading