কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হ'ল ৷ গুজৰাটৰ চূৰাট আদালতৰ ৰায়ৰ পিছতে সাংসদ পদ খাৰিজ হ'ল নেতাজনৰ ৷ পিছে, অসমতো চলি আছে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৷ অসমত চলি থকা গোচৰেও জটিলতা আনিব নেকি ৰাহুল গান্ধীলৈ?
২০১৬ৰ বিধানসভা নির্বাচনৰ পূর্বে ২০১৫ চনৰ ১২ ডিচেম্বৰত বৰপেটাত পদযাত্রা কৰিবলৈ আহি বৰপেটা সত্ৰৰ দালানৰ সন্মুখলৈ নোযোৱাকৈয়ে ৰাহুল গান্ধীয়ে জনীয়া সমষ্টিৰ মেধিৰটাৰীলৈ পদযাত্ৰা কৰিছিল। বৰপেটাৰ ৰামৰায় ষ্টেডিয়ামত হেলিকপ্টাৰৰ পৰা অৱতৰণ কৰাৰ পিছত আহি উত্তৰহাটীৰ বাটচ’ৰাৰ পৰা দালানৰ সন্মুখেৰে পদযাত্ৰাৰ আৰম্ভণি কৰাৰ কথা আছিল। কিন্তু শেষ মুহুৰ্তত ৰাহুল গান্ধীয়ে সেই পথেৰে নাহি আন এটা পথেৰে আহি নহাটীৰ বাটচ’ৰাৰ পৰাই পদযাত্রা কৰি মেধিৰটাৰীলৈ গুচি যায়।
সেই সময়ত বৰপেটা সত্ৰৰ দালানৰ সন্মুখত ৰৈ থকা সহস্রাধিক লোকে ৰাহুল গান্ধীৰ এই কার্যত ক্ষোভ প্রকাশ কৰাৰ পিছত ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল। কিন্তু নতুন দিল্লীলৈ উভতি গৈ ৰাহুল গান্ধীয়ে ১৪ ডিচেম্বৰত RSSৰ বাধাৰ বাবেই তেওঁ বৰপেটা সত্ৰত প্ৰৱেশ কৰিব নোৱাৰিলে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল ৷
ৰাহুল গান্ধীৰ এই বিতর্কিত মন্তব্যৰ বিৰুদ্ধে বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ লগতে বিভিন্ন মহলে প্রতিক্রিয়া প্রকাশ কৰাৰ পিছত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল RSSৰ অঞ্জন বৰাই ৷ RSS নেতা অঞ্জন বৰাই ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছিল কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত ৷ এই গোচৰত আদালতে চমনো জাৰি কৰিছিল ৰাহুল গান্ধীক ৷ আদালতত হাজিৰো হ'ব লগীয়া হৈছিল সাংসদ পদ খাৰিজ হোৱা ৰাহুল গান্ধী ৷
গোচৰটো এতিয়াও শেষ হোৱা নাই ৷ জানিব পৰা মতে, এই গোচৰৰ শুনানি সমূহত মাজে মাজে ৰাহুল গান্ধীৰ হৈ আদালতত হাজিৰ হ'ব লগীয়া হৈছে কেতিয়াবা কংগ্ৰেছ নেতা ৰকিবুল হুছেইন কেতিয়াবা প্ৰদ্যুৎ বৰদলৈ ৷ ৰাহুল গান্ধীৰ বৰ্তমানৰ বিপদ আঁতৰিলে অসমৰ গোচৰটোৱেও ভৱিষ্যতে বিপদ নামাতিব বুলি নুই কৰিব নিশ্চয় নোৱাৰি ৷
Published by: Subham Goswami
FIRST PUBLISHED : March 25, 2023, 21:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।