দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা জেএনইউৰ প্ৰাক্তন ছাত্ৰ শ্বাৰ্জিল ইমামৰ ‘অসমক ভাৰতৰ পৰা বিচ্ছিন্ন’ কৰাৰ ব্যক্তব্যক সমৰ্থন জনোৱাৰ অভিযোগত বুদ্ধিজীৱি ডঃ হীৰেন গোহাঁইৰ বিৰুদ্ধে চানমাৰী থানাত গোচৰ।
![]()
সদৌ অসম হিন্দু সুৰক্ষা সেনাৰ হৈ গোচৰ তৰিছে প্ৰদীপ কলিতাই। ডঃ গোঁহাইয়ে ‘যৌৱনৰ উন্মাদনাত’ শ্বাৰ্জিল ইমামে সেই মন্তব্য কৰাৰ কথা সংবাদমাধ্যমত সম্প্ৰচাৰ হৈছিল। ইয়াৰ পিছত অৱশ্যে হীৰেন গোঁহাইয়ে তেওঁৰ সম্পূৰ্ণ ব্যক্তব্য সম্প্ৰচাৰ নকৰাৰ অভিযোগ কৰি কৈছিল যে শ্বাৰ্জিল ইমামৰ ব্যক্তব্য তেওঁ শুনাই নাই।
![]()
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|