অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ বিৰুদ্ধে উঠিছে গাৰ্হস্থ্য হিংসাৰ অভিযোগ। অকল শ্যামন্তিকাই নহয়, তেওঁৰ পৰিয়ালৰ মাক আৰু ডাঙৰ ককায়েকৰ ওপৰত ৰুজু কৰা হৈছে গোচৰ। গোচৰ দিছে নিজৰেই সৰু বৌৱেকে। সৰু বৌৱেকে অভিযোগ কৰা মতে, তেওঁক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন কৰিছে পৰিয়ালটোৱে। অৱশ্যে গোচৰৰ বিষয়ে শুনি হতভম্ব হৈ পৰে শ্যামন্তিকাকে ধৰি তেওঁৰ পৰিয়ালৰ অভিযুক্ত সদস্যসকল।
কাৰণ যিগৰাকী সৰু বৌৱেকে তেওঁলোকৰ ওপৰত গোচৰ ৰুজু কৰিছে, তেওঁ থাকে নিজৰ মাকৰ ঘৰত। বিবাহৰ এসপ্তাহ পিছতে শহুৰেকৰ ঘৰ এৰি মাকৰ ঘৰত স্বামীসহ বাস কৰে শ্যামন্তিকাৰ সৰু বৌৱেকে। তেনেস্থলত তেওঁৰ ওপৰত অত্যাচাৰৰ কথাটো ক'ৰ পৰা আহিল তাকে লৈ বিচূৰ্তি খাইছে পৰিয়ালটো। এই বিষয়ে আজি অভিনেত্ৰী শ্যামন্তিকাই এটা নিউজ চেনেলৰ আগত কয় যে সৰু ককায়েক আৰু বৌৱেকৰ মাজত কাজিয়া হোৱাৰ বিষয়ে তেওঁলোক অৱগত যদিও এই বিষয়ত তেওঁ তথা তেওঁৰ পৰিয়ালটোৰ আন সদস্য সোমোৱা নাই, কিয়নো এয়া স্বামী–স্ত্ৰীৰ মাজৰ সংঘাত। আনহাতে ঘটনা সন্দৰ্ভত সৰু ককায়েকৰ পৰিয়ালে নিজেও এই বিষয়ে পৰিয়ালটোক একো জনোৱা নাই বাবে এই সংঘাতৰ মাজত তেওঁলোক সোমোৱা নাই। এনেস্থলত কিহৰ ভিত্তিত সৰু বৌৱেকে আটাইকে সাঙুৰি গোচৰ ৰুজু কৰিলে সেয়া আশ্চৰ্যজনক বুলি উল্লেখ কৰে অভিনেত্ৰী শ্যামন্তিকাই।
সৰু বৌৱেকৰ গোচৰৰ পিছত আচম্বিত হোৱা শ্যামন্তিকাই কয়– 'মোক অসমৰ ৰাইজে অলপকৈ হ'লেও চিনি পায়। মই ৰাইজৰ গামোচা লওঁ, জাপি লওঁ। মই যদি এনেকুৱা এটা কাম কৰো মই কেনেকৈ অসমবাসীৰ আগত মুখ উলিয়াম। মই তেনে কেটেগৰীৰ ছোৱালী নহওঁ।'
উল্লেখ্য, শ্যামন্তিকাৰ মাতৃ আৰু ডাঙৰ বৌৱেকে প্ৰকাশ কৰা মতে পৰিয়ালটোত আটাইকেইগৰাকী সদস্যই মিলাপ্ৰীতিৰে কটোৱাৰ এটা অতীত আছে। সৰু বৌৱেকো অতীতৰ সেই সুখী পৰিয়ালৰ মধুৰ সময়ৰ অংশ আছিল। কিন্তু কি কাৰণত এনে এটা সুখী পৰিয়ালৰ মাজলৈ সংঘাতৰ ডাৱৰ নামি আহিল সেয়া শ্যামন্তিকা তথা তেওঁ পৰিয়ালৰ বাবে এক অবুজ সাঁথৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|