গঁড়টোৰ মৃত্যুত শোক প্ৰকাশ কৰিলে বনবিভাগে।
গঁড়টোৰ মৃত্যুত শোক প্ৰকাশ কৰিলে বনবিভাগে।
বছৰৰ প্ৰথমটো এশিঙীয়া গঁড়ৰ মৃত্যুৱে শোকাহত কৰিছে প্ৰকৃতিপ্ৰেমীক। আজি পবিতৰা অভয়াৰণ্যত বাৰ্ধক্যজনিত কাৰণত এটি এশিঙীয়া গঁড়ে মৃত্যুক সাবটি লয়। পুৱা প্ৰায় ৮.৩০ বজাত বন বিভাগৰ টুলুং কেম্পৰ তহলদাৰী দলে পাগলাডোবা টুৰিষ্ট ৰোডৰ সমীপত মাইকী গঁড়টোৰ মৃতদেহ উদ্ধাৰ কৰে। প্ৰাথমিক তদন্তৰ অন্তত গঁড়টোৰ মৃত্যু স্বাভাৱিক আৰু বাৰ্ধক্যজনিত কাৰণত হোৱা বুলি জানিব পৰা গৈছে। গঁড়টোৰ মৃত্যুক লৈ দুখ প্ৰকাশ কৰিছে বনবিভাগে। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰেৰণ কৰা এক বাৰ্তাত গঁড়টোৰ মৃত্যুক লৈ শোক প্ৰকাশ কৰি কয় যে, গঁড়ৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে আমি যিমান সম্ভৱ সিমান চেষ্টা অব্যাহত ৰাখিছো। বিগত সময়ত পবিতৰাত চোৰাংচিকাৰীৰ হাতত অমূল্য সম্পদস্বৰূপ এটিও গঁড় আমি নিধন হবলৈ দিয়া নাই। ইয়াৰ মাজতে আজি গঁড়টোৰ মৃত্যুৰ বতৰা পাই আমি মৰ্মাহত।
উল্লেখযোগ্য যে বিগত বৰ্ষত চোৰাং চিকাৰীৰ হাতত নিধন হোৱা গঁড়ৰ সংখ্যা সন্তোষজনকভাৱে হ্ৰাস পাইছিল। গোটেই বছৰটোত তিনিটা গঁড়ৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ।
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|