মুখ্যপৃষ্ঠা »খবৰ »অসম »kidnapped for Bitcoin : অংকুৰ সুৰানা অপহৰণ কাণ্ডত ব্যৱহৃত গাড়ী উদ্ধাৰ, ১৯ কোটি টকাৰ ১০৪টা ‍BITCOINক লৈ অব্যাহত তদন্ত

kidnapped for Bitcoin : অংকুৰ সুৰানা অপহৰণ কাণ্ডত ব্যৱহৃত গাড়ী উদ্ধাৰ, ১৯ কোটি টকাৰ ১০৪টা ‍BITCOINক লৈ অব্যাহত তদন্ত

AS01 BT 1076 নম্বৰৰ ছুইফট ডিজায়াৰ গাড়ীখন সাতগাঁৱৰ পৰা জব্দ কৰা হৈছে।

AS01 BT 1076 নম্বৰৰ ছুইফট ডিজায়াৰ গাড়ীখন সাতগাঁৱৰ পৰা জব্দ কৰা হৈছে।

AS01 BT 1076 নম্বৰৰ ছুইফট ডিজায়াৰ গাড়ীখন সাতগাঁৱৰ পৰা জব্দ কৰা হৈছে।

  • Share this:

আমচিং যোৰাবাটৰ পি কে ৰিজ'ৰ্টত পাৰ্টী কৰাৰ বাবে মাতি নি অপহৰণ কৰা অংকুৰ সুৰানাক উদ্ধাৰ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অংকুৰ চুৰানাৰ অপহৰণ সন্দৰ্ভত DCP দেৱাশিস বৰাই আজি উল্লেখ কৰে ঘটনাৰে জড়িত কেতবোৰ কথা।


আৰক্ষীয়ে ইতিমধ্যে পি কে ৰিজ'ৰ্টৰ মেনেজাৰ ৰূপম দাস, পিকে ৰিজ'ৰ্টৰ কেচিয়াৰ ৰাজেন কাইমাল, পি কে হাৰ্ডৱেৰৰ কৰ্মচাৰী আজাহাৰ চৌধুৰী, পি কে ৰিজ'ৰ্টৰ হৰেন দাস আৰু গৌতম দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি উদ্ধাৰ কৰিছে অপহৰণ কাণ্ডত ব্যৱহাৰ কৰা গাড়ীখন।


AS01 BT 1076 নম্বৰৰ ছুইফট ডিজায়াৰ গাড়ীখন সাতগাঁৱৰ পৰা জব্দ কৰা হৈছে। এই গাড়ীখনৰ মালিক গৌতম দাস। দাসৰ মতে তেওঁৰ গাড়ীখন অপহৰণকাৰীয়ে ১৮০০ টকাত ভাড়াত লৈছিল। অপৰহৰণ কাণ্ডৰ বিষয়ে দাস অৱগত নাছিল বুলিও ভাষ্য প্ৰদান কৰিছে। এই বিষয়ে অধিক তদন্তৰ প্ৰয়োজন আছে বুলি DCP বৰাই প্ৰকাশ কৰিছে।


উল্লেখ্য, অপহৰণকাৰীয়ে ১৯ কোটি টকা মূল্যৰ ১০৪টা Bitcoin মুক্তিপণ ৰূপে দাবী কৰা বিষয়টোও তদন্ত কৰি আছে (Kidnappers Seeking 104 Bitcoins)। অপৰহণ কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড পি কি ইকো ৰিজ'ৰ্টৰ স্বত্বাধিকাৰী প্ৰবাল কলিতাৰ লগতে আন দুজন অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে। গুৱাহাটীৰ এজন ডিজেও ইয়াৰ সৈতে জড়িত আছে৷ আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছিল যে ইয়াৰ আগতেও দলটোৱে আয়োজন কৰিছিল ৰেভ পাৰ্টী, য'ত বহু যুৱক-যুৱতীক ৰিজ'ৰ্টখনত যোগান ধৰিছিল ড্ৰাগছৰ ৷

শেহতীয়া বাতৰি