உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নামত সাংবাদিক, কামত গাড়ী চোৰ! পলাশবাৰী আৰক্ষীৰ জালত সাংবাদিকৰূপী গাড়ীচোৰ

    নামত সাংবাদিক, কামত গাড়ী চোৰ! পলাশবাৰী আৰক্ষীৰ জালত সাংবাদিকৰূপী গাড়ীচোৰ

    ৱেব প’ৰ্টেলৰ সাংবাদিক বুলি জাহাই গাড়ী চুৰি চক্ৰৰ লগত জড়িত আছিল লোকজন।

    ৱেব প’ৰ্টেলৰ সাংবাদিক বুলি জাহাই গাড়ী চুৰি চক্ৰৰ লগত জড়িত আছিল লোকজন।

    ৱেব প’ৰ্টেলৰ সাংবাদিক বুলি জাহাই গাড়ী চুৰি চক্ৰৰ লগত জড়িত আছিল লোকজন।

    • Share this:
    পলাশবাৰী আৰক্ষীৰ জালত সাংবাদিকৰূপী গাড়ী চোৰ। আৰক্ষীৰ জালত পৰা দুৰ্ধৰ্ষ গাড়ীচোৰ জাহেৰ আলী আহমেদ এটা ফেচবুক প’ৰ্টেলৰ সাংবাদিক। ৱেব প’ৰ্টেলৰ সাংবাদিক বুলি জাহাই গাড়ী চুৰি চক্ৰৰ লগত জড়িত আছিল লোকজন। গাড়ী চুৰি কৰি পলাশবাৰী আৰক্ষীৰ জালত পৰে সাংবাদিকৰূপী চোৰটো।

    লোকজন Reporter Axom, VOICE 24 Assam আদি বিভিন্ন প’ৰ্টেলত কৰ্মৰত থকাৰ ওপৰি ঘৰতে খুলিছিল ফেচবুক পেজ। পুৰ্বেও চুৰি কাৰ্যৰ অপৰাধত বকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সাংবাদিকৰূপী দুৰ্ধৰ্ষ চোৰটোক।

    ঘটনা অনুসৰি, যোৱানিশা পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বিজয়নগৰত জাহেৰ আলীসহ ৩জন লোক এটা গেৰেজত বাহৰ পাতি আছিল। ঠিক তেনেতে পলাশবাৰী আৰক্ষীয়ে ঘটনাৰ উমান পাই আটাইকেইজনক ঘটনাস্থলীত গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে ৱেব প’ৰ্টেলৰ সাংবাদিক বকোৰ জাহেৰ আলী আহমেদ, গোৱালপাৰাৰ হাফিজুল হক আৰু ৰছিদুল হক। আটাইকেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে পলাশবাৰী আৰক্ষীয়ে ৬খন বাইক, নম্বৰ প্লেট, লেপটপৰ লগতে চুৰি কাৰ্যত ব্যৱহৃত হোৱা বিভিন্ন সা-সৰঞ্জাম জব্দ কৰে।
    Published by:Sanjay Kumar Das
    First published: