உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কাজিৰঙাৰ হালধিবাৰী এনিমেল ক'ৰিডৰত গাড়ীয়ে খুন্দিয়ালে গঁড়

    কাজিৰঙাৰ হালধিবাৰী এনিমেল ক'ৰিডৰত গাড়ীয়ে খুন্দিয়ালে গঁড়

    উদ্যানৰ পৰা ওলাই অহা গঁড়টোক বাহনখনে কি পৰিস্থিতিত খুন্দিয়ালে সেয়া জানিব পৰা হোৱা নাই।

    উদ্যানৰ পৰা ওলাই অহা গঁড়টোক বাহনখনে কি পৰিস্থিতিত খুন্দিয়ালে সেয়া জানিব পৰা হোৱা নাই।

    উদ্যানৰ পৰা ওলাই অহা গঁড়টোক বাহনখনে কি পৰিস্থিতিত খুন্দিয়ালে সেয়া জানিব পৰা হোৱা নাই।

    • Share this:

    কাজিৰঙাত ৰাষ্ট্ৰীয় ঘাইপথৰ গাড়ীৰ খুন্দাত আহত এটি গঁড়। কাজিৰঙাৰ হালধিবাৰীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়তে এখন বাহনে খুন্দিয়াই গঁড়টোক। গাড়ীৰ খুন্দাত গঁড়টো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে।


    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ পৰা ওলাই অহা গঁড়টোক AS12BC8964 নম্বৰৰ টাটা ডি আই গাড়ীখনে খুন্দা মৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে ঢলি পৰে। পিছত আহত গঁড়টোৱে আশ্ৰয় লয় ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ হাবিৰ মাজত।


    কাজিৰঙাৰ হালধিবাৰী এনিমেল ক'ৰিডৰত সংঘটিত হয় ঘটনাটো। বন বিভাগ আৰু পৰিবহণ বিভাগৰ তীক্ষ্ণ নজৰত থকাৰ পাছতো উদ্যানৰ পৰা ওলাই অহা গঁড়টোক এখন বাহনে কি পৰিস্থিতিত খুন্দিয়ালে সেয়া জানিব পৰা হোৱা নাই।


    স্পীড লিমিটৰ ফলক লগোৱাৰ উপৰি উক্ত স্থানত সংযুক্ত কৰা আছে বন বিভাগৰ উচ্চ ক্ষমতাসম্পন্ন অত্যাধুনিক কেমেৰা। গঁড় খুন্দিওৱা বাহনখন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰাৰ লগতে আহত গঁড়টোৰ ক্ষেত্ৰত ব্যৱস্থা লৈছে বন বিভাগে।

    Published by:Gautam Barman
    First published: