৫ মাহ ধৰি বৰপেটাত সন্ত্ৰাস সৃষ্টি কৰিছিল এটা বলিয়া বান্দৰে। বৰপেটা চহৰত আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বলিয়া বান্দৰটোৱে চলোৱা ৫ মহীয়া সন্ত্ৰাসৰ সময় আহত কৰিছিল বহুতকে। বান্দৰটোৰ আক্ৰমণত ইতিমধ্যে ১০০ জনতকৈ বেছি লোক আহত হৈছে বুলি অঞ্চলটোৰ বাসিন্দাই জানিবলৈ দিয়ে ৷
আজিও ৰাতিপুৱা দুজন লোকক আক্ৰমণ কৰে বান্দৰটোৱে ৷ বান্দৰৰ সন্ত্ৰাসত ৰাতিপুৱাৰ ভাগত গজিয়া, মেটুৱাকুছি আদি অঞ্চলৰ লোকে বাহিৰলৈ ওলাবলৈকে ভয় কৰা হৈছিল ৷ বান্দৰটো ধৰিবলৈ বন বিভাগে চেষ্টা চলাই আছিল যদিও সক্ষম হোৱা নাছিল (Monkey Terror In barpeta) ৷
আজি বৰপেটা চহৰৰ শান্তি নগৰৰ বাবুল ভূঞা নামৰ এজন লোকে সাহসেৰে বান্দৰটো ধৰিবলৈ সক্ষম হয় ৷ অৱশ্যে বান্দৰটোৰ আক্ৰমণত তেওঁ আঘাতপ্ৰাপ্ত হয় ৷ বান্দৰটো কৰায়ত্ত কৰাৰ পিছত বন বিভাগক জনোৱাত বন বিভাগৰ লোক আহি শান্তি নগৰত উপস্থিত হয় ৷ বনবিভাগৰ লোকে জনোৱা অনুসৰি বান্দৰটো পুনৰ সংস্থাপনৰ বাবে মানাহত এৰি দিয়া হ'ব ৷
Published by: Gautam Barman
FIRST PUBLISHED : January 22, 2022, 16:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।