• Home
  • »
  • News
  • »
  • assam
  • »
  • বন্যহস্তীৰ জাকৰ সৈতে ফেৰ মাৰিবলৈ গৈ আটক হ’ল গোলাঘাটৰ যুৱক

বন্যহস্তীৰ জাকৰ সৈতে ফেৰ মাৰিবলৈ গৈ আটক হ’ল গোলাঘাটৰ যুৱক

বন্যহস্তীৰ ওপৰত কৰা আক্ৰমণৰ বাবে চাৰিগৰাকী যুৱকক সোধা–পোছাৰ বাবে আটক কৰা হৈছিল যদিও বাকী তিনিজন নিৰ্দোষী প্ৰমাণিত হয়৷ আঠক হয় অজয় গড়।

  • Share this:
বন্যহস্তীৰ সৈতে ফেৰ মাৰিবলৈ গৈ আটক হ’বলগীয়া হ’ল গোলাঘাটৰ এজন যুৱক। শেহতীয়াকৈ গোলাঘাটত হাতী–মানুহৰ সংঘাতৰ এখ চাঞ্চল্যকৰ ভিডিঅ’ পোহৰলৈ আহিছিল। য’ত এজন যুৱকে বন্যহস্তীৰ এটা জাকৰ সৈতে ফেৰ মৰা দেখা গৈছিল। হাতত এডাল এচাৰি লৈ বন্যহস্তীৰ জাকটোক বাট ভেটি ধৰিছিল যুৱকজনে। এচাৰিডালেৰে হাতীক আক্ৰমণ কৰাও দেখা গৈছিল যুৱকজনক।

এই ঘটনাৰ পিছতে সৰৱ হৈ পৰে বন বিভাগৰ লোক। বন্যহস্তীক আক্ৰমণ কৰাৰ অভিযোগত আটক হ’ল অজয় গড় নামৰ যুৱকজন। বন্যহস্তীক আক্ৰমণ কৰাৰ ফলত বন্যহস্তীয়ে অধিক ক্ষতিসাধন কৰে সাধাৰণ লোকৰ৷ যাৰ বাবে এনেধৰণৰ কৰ্মত লিপ্ত হোৱাৰ অপৰাধত যুৱকজনক আটক কৰে গোলাঘাট বন বিভাগে৷

গোলাঘাটৰ অজয় গড় নামৰ এই যুৱকজনে বন্যহস্তীক আক্ৰমণ কৰাৰ ভিডিঅ’ লাভ কৰাৰ পিছতেই বন বিভাগে যুৱকজনক আটক কৰে৷ নামবৰ বনাঞ্চলৰ পৰা বন্যহস্তীৰ এটা বৃহৎ জাকে খাদ্যৰ সন্ধানত জলাঞ্চলত প্ৰৱেশ কৰি কৃষকৰ খেতিভূমি অনিষ্ট কৰাৰ লগতে সাধাৰণ লোকৰ ঘৰ–দুৱাৰ ভাঙি অনিষ্ট সাধন কৰে৷ ফলত চিন্তিত হৈ পৰিছে অঞ্চলবাসী লোকসকল।

বন্যহস্তীৰ ওপৰত কৰা আক্ৰমণৰ বাবে চাৰিগৰাকী যুৱকক সোধা–পোছাৰ বাবে আটক কৰা হৈছিল যদিও বাকী তিনিজন নিৰ্দোষী প্ৰমাণিত হয়৷ আঠক হয় অজয় গড়।

উল্লেখযোগ্য যে গোলাঘাট জিলাৰ থুৰামুখ, মৰঙি, ৰঙাজান, বগীধলা আদি অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱে সাধাৰণ লোকক যথেষ্ট সমস্যা পেলোৱাৰ সময়তে বন্যহস্তীক আক্ৰমণ কৰাৰ অপৰাধত এনে যুৱকৰ ওপৰত লোৱা ব্যৱস্থাই চৰ্চা লাভ কৰিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি