মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Lailapur Incident: লায়লাপুৰ কাণ্ডৰ প্ৰতিবাদত কেণ্ডেল ৰেলী হাইলাকান্দিত

Lailapur Incident: লায়লাপুৰ কাণ্ডৰ প্ৰতিবাদত কেণ্ডেল ৰেলী হাইলাকান্দিত

News18 Assam | News18-Assam
Updated:July 28, 2021, 10:58 PM IST
Lailapur Incident: লায়লাপুৰ কাণ্ডৰ প্ৰতিবাদত কেণ্ডেল ৰেলী হাইলাকান্দিত
৬ গৰাকী জোৱানৰ স্মৃতিত বন্তি আৰু মমবাতি প্ৰজ্বলন কৰা হয়।

৬ গৰাকী জোৱানৰ স্মৃতিত বন্তি আৰু মমবাতি প্ৰজ্বলন কৰা হয়।

  • Share this:

যোৱা সোমবাৰে কাছাৰ জিলাৰ লাইলাপুৰত মিজোৰাম আৰক্ষী আৰু একাংশ দুষ্কৃতিকাৰীয়ে চলোৱা যৌথ আক্ৰমণত শ্বহীদ হৈছিল অসম আৰক্ষীৰ ৬ গৰাকী জোৱান। এই ঘটনাৰ প্ৰতিবাদত যোৱা ২ দিনৰ পৰা উত্তাল হৈ আছে বৰাক উপত্যকাৰ তিনি জিলাৰ সৈতে সমগ্ৰ অসম । কালিৰ পৰা তিনি জিলাত বিভিন্ন দল–সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ লগতে ৰে'ল পথ বিচ্ছিন্ন কৰি মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ গঢ়ি তুলিছে।


আজি  পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে লাইলাপুৰ কাণ্ডৰ প্ৰতিবাদত বৰাকৰ তিনি জিলা কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দিত ১২ ঘন্টা সৰ্বাত্মক বন্ধ পালিত হয়। ইপিনে, হাইলাকান্দিত আজি সন্ধিয়া ৭ বজাৰ পৰা লাইলাপুৰৰ শ্বহীদ জোৱানসকলৰ স্মৃতিত আয়োজন কৰা হয় কেণ্ডেল ৰেলীৰ । হিন্দু জাগৰণ মঞ্চ, বিশ্ব হিন্দু পৰিষদ, বজৰং দল, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদকে ধৰি কেইবাটাও সংগঠনৰ ব্যৱস্থাপনাত আয়োজন কৰা হয় এই কেণ্ডেল ৰেলী।


হাইলাকান্দিৰ কালিবাড়ী ৰোডৰ পৰা আৰম্ভ হোৱা ৰেলীটো নগৰৰ প্ৰধান প্ৰধান ৰাজপথ ঘূৰি সামৰণি মাৰে হাইলাকান্দিৰ শ্বহীদ স্মাৰকস্থলত। তাতে লাইলাপুৰত প্ৰাণত্যাগ কৰা অসম আৰক্ষীৰ ৬ গৰাকী জোৱানৰ স্মৃতিত বন্তি আৰু মমবাতি প্ৰজ্বলন কৰা হয়। উল্লেখ্য, যোৱা সোমবাৰে কাছাৰ জিলাৰ লাইলাপুৰত মিজোৰামৰ আক্ৰমণত শ্বহীদ হৈছে ৫ গৰাকী আৰক্ষী জোৱান। ইয়াৰ ভিতৰতে আছে হাইলাকান্দি জিলাৰ তিনিগৰাকী জোৱান।

Published by: Gautam Barman
First published: July 28, 2021, 10:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি