এনে এক দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজি থকা কিশোৰ দাস কিন্তু মানসিক ভাবে এতিয়াও অত্যন্ত শক্তিশালী হৈ আছে। অতি সাহসেৰে যুঁজ দিছে কৰ্কটৰ বিৰুদ্ধে। শেহতীয়াকৈ মুম্বাইৰ হাস্পতালত অভিনেতাজনক পুষ্পা ছবিৰ জনপ্ৰিয় গীতত ৰীল ভিডিও প্ৰস্তুত কৰা দেখিবলৈ পোৱা গ'ল। কিশোৰৰ এনে মানসিক শক্তিক এতিয়া চেল্যুট দিছে সকলোৱে।
উল্লেখ্য যে, মাত্ৰ ২৮ বছৰীয়া অভিনেতা কিশোৰ দাসে অতি কম সময়তে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু শেহতীয়াকৈ কিশোৰৰ এই ৰোগৰ কথা জানিব পাৰি মৰ্মাহত হোৱাৰ লগতে আশু আৰোগ্য কামনা কৰিছে তেওঁৰ অজস্ৰ গুণমুগ্ধই।