মেট্ৰিকত ৯৫ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হ’ল কৰ্কট ৰোগী ৰিয়াজ, ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ সপোন

News18 Assam | News18-Assam
Updated:June 9, 2020, 9:27 PM IST
মেট্ৰিকত ৯৫ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হ’ল কৰ্কট ৰোগী ৰিয়াজ, ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ সপোন
ৰিয়াজৰ বাবে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে আয়োজন কৰিলে সম্বৰ্ধনা অনুষ্ঠানৰ৷

ৰিয়াজৰ বাবে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে আয়োজন কৰিলে সম্বৰ্ধনা অনুষ্ঠানৰ৷

  • Share this:
ৰীল লাইফৰ নহয় ৰিয়েল লাইফৰ এক জীয়া কাহিনী ৷ ২০১৮ চনৰ পৰা তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা লৈ আছে ৰিয়াজ আলীয়ে৷ প্ৰতিমাহে কেমোথেৰাপি লৈ থকা ৰিয়াজে মৰিগাঁৱৰ জালুগুটি উচ্চতৰ মাধ্যমিকৰ পৰা  ৯৫ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত৷ সুক্ষাতিৰে উত্তীৰ্ণ হোৱা কৰ্কট ৰোগী ৰিয়াজৰ বাবে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে আয়োজন কৰিলে সম্বৰ্ধনা অনুষ্ঠানৰ৷ কেক কাটি, গামোচা পিন্ধাই কৰ্কট ৰোগী, আৰ্থিক ভাৱে দুৰ্বল অথচঃ যুঁজাৰু মানসিকতাৰ ৰিয়াজক দিলে সাহসৰ লগতে প্ৰেৰণা৷

আৱেগিক হৈ পৰা ৰিয়াজে ক'লে, "ইয়াত নিজৰ সন্তানৰ দৰে মৰম কৰি চিকিৎসা কৰে৷ মই ৰোগটোৰে যুঁজিবলৈ চিকিৎসকসকলে সদায় মোক উৎসাহিত কৰি আহিছে৷ দেউতাৰো অসুখ৷ মায়ে মোক যথেষ্ট সময় দিছিল৷ ৰিজাল্ট লাভ কৰি মই বাৰুকৈয়ে সুখী৷ নগাঁৱৰ ৰামানুজনত মোৰ পঢ়াৰ মন৷ মই চিকিৎসক হ'ব বিচাৰোঁ৷’’

সৰ্বতোপ্ৰকাৰে ৰিয়াজক সহায় কৰাৰ আশ্বাস বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল কটকীৰ৷ "CANCERৰ আছে এতিয়া ANSWER, এটা সময় আছিল কৰ্কট ৰোগ বুলি ক'লেই সকলোৱে ভয় খাইছিল৷ এতিয়া সময় সলনি হৈছে৷ বিশেষকৈ শিশুৰ ক্ষেত্ৰত ব্যয়বহুল চিকিৎসা এতিয়া আমাৰ ইয়াত বিনামূলীয়াকৈ চলে৷ আনকি কৰ্কট ৰোগী শিশুৰ লগত থকা অভিভাৱকক খোৱা-বোৱা থকা পৰ্যন্তৰ সুবিধা কৰি দিয়া হয়৷ আনকি ভৰ্তি হৈ থকা ৰোগীক পাঠদানো কৰোৱা হয়৷ অসম গেছ কোম্পানী লিমিটেডৰ অপৰাজেয় আঁচনি, চেঞ্জহুড ইণ্ডিয়া, চাইল্ড কেয়াৰ চেণ্টাৰ, অটল অমৃত যোঁজনা আদিৰ জৰিয়তে ৰিয়াজৰ দৰে বহুতে পাইছে কৰ্কটৰ সৈতে যুঁজাৰ সাহস৷ ৰিয়াজ হওক প্ৰেৰণাৰ উৎস৷ ৰিয়াজ হওক জীৱন যুঁজৰ এজন সফল যোদ্ধা৷ ৰামানুজনৰ অধ্যক্ষ দিলীপ বৰাৰ লগত মই ইতিমধ্যে কথা পাতি ৰিয়াজক নাম ভৰ্তি কৰিবলৈ সুবিধা কৰি দিয়াৰ কথা কৈছো৷ মৰিগাঁৱৰ উপায়ুক্তৰ লগতো কথা পাতিছো৷ ৰিয়াজ সফল হওক৷ আৰু এটা বছৰ ৰিয়াজৰ চিকিৎসা চলিব৷ তাৰ চিকিৎসক হোৱাৰ সপোন সফল হওক৷"— ক’লে ডাঃ অমল কটকীয়ে।
First published: June 9, 2020, 9:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading