বিহালীত হোম কোৱাৰাইনটাইনত থকা কৰ্কট ৰোগীৰ মৃত্যুৰ পিছতে হাহাকাৰ, সত্‍কাৰৰ বাবে নোলাল গাঁৱৰ এজনো

News18 Assam | News18-Assam
Updated:May 22, 2020, 12:25 PM IST
বিহালীত হোম কোৱাৰাইনটাইনত থকা কৰ্কট ৰোগীৰ মৃত্যুৰ পিছতে হাহাকাৰ, সত্‍কাৰৰ বাবে নোলাল গাঁৱৰ এজনো
মৃতদেহৰ নমুনা পৰীক্ষাৰ পিছত কোভিড ১৯ নিগেটিভ আহিলে গতাই দিয়া হ’ব ব্যক্তিজনৰ মৃতদেহ।

মৃতদেহৰ নমুনা পৰীক্ষাৰ পিছত কোভিড ১৯ নিগেটিভ আহিলে গতাই দিয়া হ’ব ব্যক্তিজনৰ মৃতদেহ।

  • Share this:
হোম কোৱাৰানটাইনত থকা এজন অসুখীয়া লোকৰ মৃত্যু হোৱাৰ পিছতে হাহাকাৰ লাগিল এখন গাঁৱত। দীৰ্ঘদিন ধৰি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰত অৱস্থাত থকা এজন ৰোগীৰ মৃত্যুৰ পিছত সৎকাৰ কৰিবলৈ নাহিল গাঁৱখনৰ ওচৰ-চুবুৰীয়া এজনো ৷ মৃতদেহটো সাৱতি কান্দি কান্দি মাথো সহায়ৰ বাবে অপেক্ষা কৰিলে মৃতকৰ পৰিয়ালে ৷ এই ঘটনা সংঘটিত হৈছে  বিহালীৰ মোনাবাৰী বস্তিত ৷

অঞ্চলটোৰ ৰাজু শৰ্মা নামৰ  লোকজন আক্ৰান্ত হৈছিল কৰ্কট ৰোগত আৰু গুৱাহাটী বি বৰুৱা কেন্চাৰ ইন্চটিটিউতত চিকিৎসাধীন হৈ আছিল তেওঁ। যোৱা ১৭ মে’ তাৰিখে এই দৰিদ্ৰ লোকজন নিজ ঘৰলৈ উভতি অহাৰ পিছৰে পৰা স্বাস্থ্য বিভাগে  হ'ম কোৱাৰানটাইনত ৰাখিছিল ৰাজুৰ সমগ্ৰ পৰিয়ালক। কিন্তু বৃহস্পতিবাৰে দুপৰীয়া ১২ বজাত হঠাৎ ৰাজু শৰ্মা নামৰ এই লোকজনৰ মৃত্যু হোৱাৰ পিছতে পৰিয়াল আৰু গাওঁবাসীৰ মাজত লাগিল হাহাকাৰ। লোকজনৰ হঠাৎ মৃত্যু হোৱাত গাওঁবাসীৰ সন্দেহ  হয়তো মৃত ৰাজুৰ দেহত গুৱাহাটীৰ বি বৰুৱা হস্পিতালৰ পৰা লাগি আহিছে কভিড-১৯ ৰোগ। সেয়েহে মৃতদেহ সৎকাৰৰ বাবে নগ’ল গাৱৰ এজনো লোক ৷

স্থানীয় লোকৰ মতে কৰ্কট ৰোগত আক্ৰান্ত ৰাজু শৰ্মা আৰু কিছু দিন জীৱিত থাকিলে হয় যদিও তেওঁৰ হঠাৎ হোৱা মৃত্যুত আতংকিত হৈ পৰিছে গাওঁবাসী। পৰিয়ালৰ লোকে বিশ্বনাথৰ স্বাস্থ্য বিভাগৰ লগত বাৰে বাৰে যোগাযোগ  কৰিছিল যদিও নাহিল কোনো সদুত্তৰ।  স্বাস্থ্য বিভাগে কেবল কভিড-১৯ পৰীক্ষাৰ স্বোৱাব সংগ্ৰহৰ বাবে গাড়ী ভাৰা কৰি ৰাজুৰ মৃতদেহটো বিহালীৰ মৰ্গলৈ নিবলৈ পৰিয়ালক কৈয়ে সামৰিলে নিজৰ দায়িত্ব । গাওঁবাসীয়েও মৃত ৰাজু শৰ্মাৰ ঘৰত প্ৰবেশ নকৰি এফালৰ পৰা আৰক্ষী,প্ৰশাসন আৰু স্বাস্থ্য বিভাগলৈ বাট চোৱাৰ মাজতে দিনৰ পিছত ৰাতি হ’ল।

বিহালীৰ মৰ্গলৈ নিবলৈ পৰিয়ালটোৱে নিজা ববীয়াকৈ ভাৰা গাড়ী বিচাৰিছিল যদিও কোৰোণাৰ আতংকৰ বাবে মৃতদেহটো  গাড়ীত নিবলৈ অমান্তি হয় গাড়ীৰ মালিক ৷ উপায়ন্তৰ হৈ মৃত ৰাজু শৰ্মাৰ পত্নী,তিনি বছৰীয়া এটি দেৱ শিশু আৰু ৬ বছৰীয়া এটি সন্তানে  ঘৰৰ ভিতৰতে ঘন্টাকে ধৰি ঘন্টা ৰাজুৰ মৃতদেহৰ কাষত বহি কেবল টুকিলে চকুলো। এই হৃদয় বিদাৰক ঘটনা স্থানীয় ৰাইজে কিছু নিলগৰ পৰা প্ৰত্যক্ষ কৰাৰ বাহিৰে উপাইবিহীন হৈ কৰিব পৰা নাছিল একো ৷

অৱশেষত বাৰম্বাৰ যোগাযোগ কৰাৰ পিছত মৃত্যুৰ ১২ ঘন্টাৰ পিছত নিশা ১২ বজাত স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ পৰিয়ালৰ পৰা চমজি লয় ৰাজুৰ  মৃতদেহটো আৰু লৈ যায় বিহালীৰ মৰ্গলৈ ৷ দিনৰ ১২ বজাত  মৃত্যুৰ খবৰ  দিয়াৰ পিছতো গাড়ী নথকাৰ অজুহাত দেখুৱাই সময়মতে উপস্থিত নোহোৱা স্বাস্থ্য বিভাগৰ লোক নিশা ১২ বজাতহে গৈ উপস্থিত হয়গৈ দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত ৷ আজি কভিড-১৯ পৰীক্ষাৰ বাবে স্বোৱাব সংগ্ৰহ কৰা হব ৰাজুৰ ৷ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিলে ৰাজুৰ মৃতদেহ চমজাই দিয়া হব পৰিয়ালক৷
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading