• Home
  • »
  • News
  • »
  • assam
  • »
  • বৰপেটা চহৰত প্ৰথমজন কোৰোণা আক্ৰান্ত লোক চিনাক্ত, বৰপেটা সত্ৰৰ সমীপত কণ্টেইনমেণ্ট জ’ন ঘোষণা

বৰপেটা চহৰত প্ৰথমজন কোৰোণা আক্ৰান্ত লোক চিনাক্ত, বৰপেটা সত্ৰৰ সমীপত কণ্টেইনমেণ্ট জ’ন ঘোষণা

বুধবাৰে কোভিড–১৯ পজিটিভ বুলি চিনাক্ত হয় কৰ্কট আক্ৰান্ত ৰোগীগৰাকী৷

বুধবাৰে কোভিড–১৯ পজিটিভ বুলি চিনাক্ত হয় কৰ্কট আক্ৰান্ত ৰোগীগৰাকী৷

বুধবাৰে কোভিড–১৯ পজিটিভ বুলি চিনাক্ত হয় কৰ্কট আক্ৰান্ত ৰোগীগৰাকী৷

  • Share this:
বৰপেটা চহৰত প্ৰথমজন কোৰোণা আক্ৰান্ত লোক চিনাক্ত। বৰপেটা সত্ৰৰ সমীপৰ এটা অঞ্চল কণ্টেইনমেণ্ট জ’ন ঘোষণা প্ৰশাসনৰ৷ বৰপেটাৰ ৰণজিৎ সূত্ৰধাৰ নামৰ এগৰাকী কৰ্কট ৰোগীৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে বৰপেটা সত্ৰৰ উত্তৰ হাটীৰ বাটচ'ৰাৰ আশপাশৰ অঞ্চলটোক কন্টেইনমেণ্ট জ'ন ঘোষণা কৰে প্ৰশাসনে৷

ইতিমধ্যে নিশাৰ ভাগতে বৰপেটা সত্ৰলৈ যোৱা দলাহাটীৰ বাটচ'ৰাৰ পৰা উত্তৰহাটীৰ বাটচ'ৰালৈ পথটো বাহৰ বেৰিকেডেৰে বন্ধ কৰি দিছে ৷ অঞ্চলটোত সাধাৰণ লোকৰ অহা যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰি বাঁহৰ বেৰিকেড নিৰ্মাণ কৰিছে প্ৰশাসনে৷ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে বৰপেটা পৰা জি এম চি এইচ আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ অহা-যোৱা কৰি আছিল ৰণজিৎ সূত্ৰধাৰ নামৰ লোকজন৷

কিছুদিন পূৰ্বে জি এম চি এইচত কৰ্কট আক্ৰান্ত ৰোগীজনৰ কোভিড–১৯ পৰীক্ষা কৰা হৈছিল৷ আৰু বুধবাৰে কোভিড–১৯ পজিটিভ বুলি চিনাক্ত হয় কৰ্কট আক্ৰান্ত ৰোগীগৰাকী৷ অৱশ্যে  কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ যোৱা ৰোগীগৰাকীক বুধবাৰেই ভৰ্তি কৰোৱা হৈছে জি এম চি এইচৰ কোভিড হাস্পতালত৷ লোকজনৰ কোৰোণা সংক্ৰমণৰ উৎস সম্পৰ্কে এই পৰ্যন্ত জানিব পৰা হোৱা নাই৷ ৰণজিৎ সূত্ৰধাৰৰ শৰীৰত কোভিড–১৯ পজিটিভ চিনাক্ত হোৱাৰ পিছতে পৰিয়ালটোৰ লোকসকলক হোম কোৱাৰেণ্টাইন কৰিছে স্বাস্থ্য বিভাগৰ লোকে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি