‘ভোট মোৰ গণতান্ত্ৰিক অধিকাৰ’ – ভোট দিবলৈ আহিল কেঞ্চাৰত আক্ৰান্ত বছেৰ আলী

লোকজনৰ নাম বছেৰ আলী। কৰ্কট ৰোগত আক্ৰান্ত আলীৰ দেহা থৰক–বৰক। তথাপি নৰীয়া দেহাৰেই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটকেন্দ্ৰলৈ আহিল নিজৰ গণতান্ত্ৰিক অধিকাৰৰ প্ৰতি সচেতন লোকজন।

Sanjay Kumar Das
Updated:April 23, 2019, 11:38 AM IST
‘ভোট মোৰ গণতান্ত্ৰিক অধিকাৰ’ – ভোট দিবলৈ আহিল কেঞ্চাৰত আক্ৰান্ত বছেৰ আলী
লোকজনৰ নাম বছেৰ আলী। কৰ্কট ৰোগত আক্ৰান্ত আলীৰ দেহা থৰক–বৰক। তথাপি নৰীয়া দেহাৰেই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটকেন্দ্ৰলৈ আহিল নিজৰ গণতান্ত্ৰিক অধিকাৰৰ প্ৰতি সচেতন লোকজন।
Sanjay Kumar Das
Updated: April 23, 2019, 11:38 AM IST
আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱাৰে পৰা নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ভোটকেন্দ্ৰত শাৰী পাতিছে ভোটাৰ ৰাইজে। কিন্তু তাৰ মাজতো গুৱাহাটীৰ এটা ভোটকেন্দ্ৰত সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিলে এজন লোকে।

লোকজনৰ নাম বছেৰ আলী। কৰ্কট ৰোগত আক্ৰান্ত আলীৰ দেহা থৰক–বৰক। তথাপি নৰীয়া দেহাৰেই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটকেন্দ্ৰলৈ আহিল নিজৰ গণতান্ত্ৰিক অধিকাৰৰ প্ৰতি সচেতন লোকজন।

গুৱাহাটীৰ বামুণীমৈদামৰ ১৯১নং জনস্বাস্থ্য কাৰিকৰী কাৰ্যালয়ৰ ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে বছেৰ আলীয়ে। নিজে খোজকাঢ়িব নোৱাৰে বছেৰ আলীয়ে, পৰিয়ালৰ লোক আৰু নিৰ্বাচনী বিষয়াৰ সহায়ত ভোটকেন্দ্ৰলৈ আহি ভোট দিলেহি আলীয়ে।

ছমাহ ধৰি চিকিৎসাধীন হৈ আছে কৰ্কট ৰোগত আক্ৰান্ত বছেৰ আলীয়ে। ভোটাধিকাৰৰ প্ৰতি সদাই সচেতন আলী, কোনো এটা নিৰ্বাচনতে ভোটাধিকাৰ সাব্যস্ত নকৰাকৈ থকা নাই। তেওঁ কয় যে প্ৰতিটো ভোটেই প্ৰয়োজনীয়। এজন স্থানীয় লোকে কয় – যেতিয়া তেওঁ ভোট দিবলৈ আহিব বিচাৰিলে আমি ননাকৈ থাকিব নোৱাৰিলো।
আৰু চাওক পৰৱৰ্তী বাতৰি