মুখ্যপৃষ্ঠা »খবৰ »অসম »গৰুখুঁটিৰ উচ্ছেদ কাণ্ডঃ কেমেৰামেনৰ ৰূপত গৈ প্ৰতিবাদকাৰীক প্ৰহাৰ কৰা যুৱকক গ্ৰেপ্তাৰ

গৰুখুঁটিৰ উচ্ছেদ কাণ্ডঃ কেমেৰামেনৰ ৰূপত গৈ প্ৰতিবাদকাৰীক প্ৰহাৰ কৰা যুৱকক গ্ৰেপ্তাৰ

এই দিশত তদন্তৰ বাবে চি আই ডি শাখাত গোচৰ ৰুজু কৰা হৈছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

এই দিশত তদন্তৰ বাবে চি আই ডি শাখাত গোচৰ ৰুজু কৰা হৈছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

এই দিশত তদন্তৰ বাবে চি আই ডি শাখাত গোচৰ ৰুজু কৰা হৈছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

  • Share this:

ছিপাঝাৰৰ গৰুখুটিত আজি উচ্ছেদ অভিযানৰ সময়ত এগৰাকী মাটিত ঢলি পৰা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি অমানৱীয়তাৰ পৰিচয় দিয়া যুৱকগৰাকীক অৱশেষত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এগৰাকী কেমেৰামেনৰ ৰূপত দিনটোৰ ঘটনাক্ৰম কেমেৰাত আবদ্ধ কৰিবলৈ যোৱা কেমেৰামেনগৰাকীৰ এনে নিষ্ঠুৰতাই দেশজুৰি তীব্ৰ চৰ্চা লাভ কৰিছিল।


এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে টুইটযোগে প্ৰচাৰ কৰা এই সম্বন্ধীয় ভিডিঅ'ক লৈ অব্যাহত থকা বাদানুবাদৰ মাজতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীয়ে এই সন্দৰ্ভত জানিবলৈ দি এই দিশত তদন্তৰ বাবে চি আই ডি শাখাত গোচৰ ৰুজু কৰা হৈছে বুলি প্ৰকাশ কৰিছে।



শেহতীয়া বাতৰি