তেজপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ল Cake Mixing Ceremony

News18 Assam | News18-Assam
Updated:November 30, 2020, 4:49 PM IST
তেজপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ল Cake Mixing Ceremony
কেকৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰৰ The Chocolate Room-এ প্ৰথমবাৰলৈ আয়োজন কৰিলে Cake Mixing Ceremony.

কেকৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰৰ The Chocolate Room-এ প্ৰথমবাৰলৈ আয়োজন কৰিলে Cake Mixing Ceremony.

  • Share this:
গুৱাহাটী মহানগৰীৰ পিছত প্ৰথমবাৰৰ বাবে তেজপুৰত অনুষ্ঠিত হ'ল Cake Mixing Ceremony। বিভিন্ন সুস্বাদু ফল আৰু ফলৰ ৰসেৰে তৈয়াৰী মিশ্ৰণ খ্ৰীষ্টমাছৰ পূৰ্বে ব্যৱহাৰ কৰা হ'ব Plumb Cake প্ৰস্তুতত

১৭ শতিকাতে পশ্চিমীয়া দেশসমূহত আৰম্ভ হৈছিল কেক প্ৰস্তুতৰ সংস্কৃতি৷ এই সংস্কৃতি পিছলৈ বিশ্বৰ বিভিন্ন দেশসমূহে আঁকোৱালি লয় আৰু শেহতীয়াকৈ অসম মুলুকতো প্ৰভাৱ বিস্তাৰ কৰিবলৈ লয়৷ কেকৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰৰ The Chocolate Room-এ প্ৰথমবাৰলৈ আয়োজন কৰিলে Cake Mixing Ceremony.

The Chocolate Roomৰ স্বত্বাধিকাৰী ৰাজশ্ৰী গোস্বামীৰ তত্বাৱধানতে এনেদৰে বহু বিশিষ্ট লোক তথা শুভাকাংক্ষীৰ উপস্থিতিত অনুষ্ঠিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানতে Cake Mixing কৰা হয়৷ উল্লেখ্য যে, পশ্চিমীয়া দেশসমূহত সুস্বাদু ফলৰ লগতে Cake Mixingত সুৰা ব্যৱহাৰ কৰা হয় যদিও তেজপুৰত প্ৰস্তুতিত এই Cake Mixingত সুৰাৰ পৰিৱৰ্তে Fruit Beer ব্যৱহাৰ কৰা হৈছে৷

২৫ ডিচেম্বৰ কৰা Cake Mixing খ্ৰীষ্টমাছক উপলক্ষ কৰি নিৰ্মাণ কৰিব লগীয়া বিশেষ Plumb Cakeত ব্যৱহাৰ কৰা হ'ব আৰু Cake Mixing Ceremonyত উপস্থিত লোকৰ মাজত পৰিৱেশন কৰা হ'ব৷ এই কথা জানিবলৈ দিছে The Chocolate Room ৰ স্বত্বাধিকাৰী ৰাজশ্ৰী গোস্বামীয়ে৷

উত্তৰ অসমত প্ৰথমবাৰৰ বাবে তেজপুৰত অনুষ্ঠিত এই Cake Mixing Ceremonyত সাংস্কৃতিক নগৰীখনৰ বহু লোকৰ লগতে News18 অসম North Eastৰ শুভাশিষ ভট্টাচাৰ্যও উপস্থিত থাকে৷
Published by: Sanjay Kumar Das
First published: November 30, 2020, 4:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি