মুখ্যপৃষ্ঠা »খবৰ »অসম »কেগৰ প্ৰতিবেদনত উন্মোচিত এনআৰচিৰ নামত সংঘটিত বিয়াগোম কেলেংকাৰীৰ তথ্য

কেগৰ প্ৰতিবেদনত উন্মোচিত এনআৰচিৰ নামত সংঘটিত বিয়াগোম কেলেংকাৰীৰ তথ্য

কেগে এই প্ৰতিবেদনত নাগৰিকপঞ্জীৰ বহু বিসংগতি ধৰা পেলোৱাৰ লগতে বৃহৎ কেলেংকাৰী হোৱাৰ তথ্য উন্মোচন কৰিছে

কেগে এই প্ৰতিবেদনত নাগৰিকপঞ্জীৰ বহু বিসংগতি ধৰা পেলোৱাৰ লগতে বৃহৎ কেলেংকাৰী হোৱাৰ তথ্য উন্মোচন কৰিছে

  • Share this:
ভাৰতৰ নিয়ন্ত্ৰক আৰু অডিটৰ জেনেৰেল চমুকৈ কেগে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচি উন্নীতকৰণৰ ক্ষেত্ৰত ব্যাপক কেলেংকাৰী হোৱাৰ তথ্য উন্মোচিত কৰিছে। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ শনিবাৰে সদনত কেগৰ প্রতিবেদন উত্থাপন কৰা হয়। এই প্ৰতিবেদনত নাগৰিকপঞ্জীৰ বহু বিসংগতি ধৰা পেলোৱাৰ লগতে বৃহৎ কেলেংকাৰী হোৱাৰ তথ্য উন্মোচন কৰিছে। জানিব পৰা মতে, এই প্ৰতিবেদনত প্রায় ২৬০ কোটি টকাৰ খেলিমেলি হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

প্ৰতিবেদন অনুসৰি এনআৰচিৰ কামত আউটচৰ্চ কৰা কৰ্মচাৰীসকলক মুঠ ৬৭.১৪ কোটি টকা পৰ্যন্ত মজুৰিৰ পৰা বঞ্চিত কৰা হৈছিল অর্থাৎ‍ কৰ্মচাৰীসকলক নিৰ্ধাৰিত মজুৰতকৈ কম মজুৰি দিয়া হৈছিল। আনহাতে নাগৰিকপঞ্জীৰ বিভিন্ন কামত অতিৰিক্ত ব্যয় কৰা হৈছিল বুলিও পোহৰলৈ আহিছে।

সেইদৰে ৩৫ হাজাৰ টকা মূল্যৰ জেনেৰেটৰ ৯৩,৯৬৫ টকাত ক্ৰয় কৰাৰ উপৰিও ১২৮ টা অতিৰিক্ত জেনেৰেটৰৰ বিপৰীতে ১.২০ কোটি টকা আত্মসাৎ কৰাৰ তথ্য প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ছফ্টৱেৰ এপ্লিকেচনৰ নামতো হৈছে বিয়াগোম দুর্নীতি সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে। ছফ্টৱেৰ বিকাশৰ নামত ৭.১০ কোটি টকাৰ অতিৰিক্ত ব্যয় কৰাৰ লগতে চিষ্টেম ইণ্টিগ্ৰেটৰ ডাটা এন্ট্রি চেণ্টাৰত আবেদন প্ৰ-পত্ৰৰ ডিজিটাইজেচনৰ নামত ৭.৩৯ কোটি টকা অতিৰিক্ত ব্যয় কৰা হৈছে। তদুপৰি এনএছকেৰ পৰা সন্দেহজনক ডাটা সঞ্চালনৰ নামত অনিয়মীয়া ব্যয় হৈছে ৯.০১ কোটি টকা।

উল্লেখ্য যে, কেগৰ প্ৰতিবেদনত এনআৰচিত হোৱা এই ব্যাপক অনিয়মৰ বাবে সেই সময়ৰ তদানীন্তন ৰাজ্যিক সমন্বয়কক জগৰীয়া কৰা হৈছে। কেগৰ এই প্ৰতিবেদনৰ পাছতেই ৰাজ্যৰ চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এতিয়া এই প্ৰতিবেদন লাভৰ পাছতেই ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়াহে লক্ষণীয় বিষয় হ'ব।

শেহতীয়া বাতৰি