কাছাৰ কাগজ কলৰ ভূমিত লুকাই আছে তেল-গেছৰ বিশাল ভাণ্ডাৰ। অতি কমেও তিনিটা তৈল কূপ আছে কাছাৰ কাগজ কলৰ ভূমিত। ONGCয়ে কূপ কেইটা উদ্ধাৰ কৰাৰ পিছত চুক্তি স্বাক্ষৰ কৰাও হৈছিল। কিন্তু নিলামৰ জাননীত কাছাৰ কাগজ কলৰ সংৰক্ষিত মূল্যত এই কূপকেইটাৰ মূল্যায়ন হোৱা নাই। এই দাবী উত্থাপন কৰিছে কাছাৰ কাগজ কলৰ কৰ্মচাৰী ইউনিয়নে।
কৰ্মচাৰী ইউনিয়নৰ তৰফৰ এখন পত্ৰ ইতিমধ্যে জুলাইৰ তিনি তাৰিখে Hindustan Paper Corporationৰ কলকাতাস্থিত Liquidator কুলদীপ বাৰ্মালৈ প্ৰেৰণ কৰা হৈছে। পত্ৰত কলৰ সংৰক্ষিত মূল্য নিৰ্ধাৰণ কৰোঁতে কেঁচা তেলৰ মূল্যায়ন সংযোজন কৰিবলৈ দাবী জনোৱা হৈছে। কৰ্মচাৰী ইউনিয়নে কলটোৰ উচিত মূল্যায়ন নকৰাকৈ অতি কম মূল্যত নিলাম নকৰিবলৈও সকীয়াই দিছে। ইউনিয়নৰ সভাপতি মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে এই সন্দৰ্ভত ক্ষোভ ব্যক্ত কৰি কয় – “নিলামৰ জাননীত ভূমি খণ্ডক তৈল ভূমি হিচাপে চিহ্নিত কৰিব লাগিছিল।’’ তেওঁ তৈল কূপৰ মূল্যায়ন কৰি নতুন সংৰক্ষিত মূল্য প্ৰকাশ কৰিবলৈ দাবী জনায়।
উল্লেখযোগ্য যে ইউনিয়নে এই সন্দৰ্ভত এখন পত্ৰ কেন্দ্ৰীয় গুৰু উদ্যোগৰ সচিবলৈও প্ৰেৰণ কৰিছে।২০১৫ চনৰ অক্টোবৰৰ ২০ তাৰিখে কাছাৰ কাগজ কল বন্ধ হৈছিল। নগাঁও কাগজ কল বন্ধ হৈছিল ২০১৭ চনৰ ৩১ মার্চত। যোৱা ৫৪ মাহ ধৰি কাগজ কল দুটাৰ কৰ্মচাৰীসকলে দৰমহা পোৱা নাই। অৱশ্যে নিয়ম অনুসাৰে তেওঁলোকে ১৮ মাহৰ দৰমহা লাভ কৰিব বুলি মন্তব্য কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কল দুটা বন্ধ হোৱা যোৱাৰ পিছত ৯১জন কৰ্মচাৰীৰ মৃত্যু হৈছে।
ইতিমধ্যে NCLTৰ নিৰ্দেশ অনুসৰি HPCLৰ liquidatorএ দুখনকৈ নিলামৰ জাননী প্রকাশ কৰিছে। অন্তিমখন জাননীত কল দুটাৰ সৰ্বনিম্ন মূল্য ৯৬৯ কোটি টকা ধাৰ্য কৰা হৈছে। প্ৰথমখন জাননীত প্ৰকাশ কৰা মূল্যতকৈ নতুন মূল্যত ১৭০ কোটি টকা হ্ৰাস পাইছে। এতিয়ালৈকে কল দুটা কিনিবলৈ কোনেও আগ্ৰহ প্ৰকাশ কৰা নাই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : July 05, 2021, 11:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।